NORTHEAST NOW (Assamese)

ভাৰতত ১ হাজাৰ কোটি টকীয়া হাৱলা কেলেংকাৰি : ভুৱা পাছপ’ৰ্টসহ গ্ৰেপ্তাৰ হ’ল চীনা নাগৰিক

August 12, 2020 3:11 pm · এন ই নাও নিউজ
Updated: August 12, 2020 3:22 pm

দিল্লীত অৱস্থান কৰি এগৰাকী চীনা নাগৰিকে কিছু সহযোগীৰ সৈতে প্ৰায় ১ হাজাৰ কোটি টকীয়া হাৱলা কেলেংকাৰি সংঘটিত কৰিছে। এই দাবী আয়কৰ বিভাগৰ।

আয়কৰ বিভাগৰ মতে দিল্লীৰ আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত এজন চীনা নাগৰিকে কেইজনমান সহযোগীৰ সহায়ত ১ হাজাৰ কোটি টকাৰ হাৱলা চক্ৰ এটা চলাই আহিছে।

ইতিমধ্যে এই সংক্ৰান্ত আয়কৰ বিভাগে উক্ত চীনা নাগৰিকজনৰ লগতে চক্ৰটোৱে চলাই অহা কেইটমান গোপনীয় কাৰ্যালয়ত তালাচী অভিযানো চলাইছে।

ইয়াৰ মূল কাণ্ডাৰী চীনা নাগৰিকজনে ভুৱা ভাৰতীয় পাছপ’ৰ্টেৰে দিল্লীত বাহৰ পাতি আছিল।

আয়কৰ বিভাগৰ এক সূত্ৰৰ মতে চক্ৰটোৱে সৰু সৰু গোট সৃষ্টি কৰি এই কাম অব্যাহত ৰাখিছে।

চক্ৰটোৱে দিল্লীৰ লগতে অন্য বাৰটা স্থানৰ পৰা এই কাম অব্যাহত ৰখা বুলি আয়কৰ বিভাগে দাবী কৰিছে।

ইফালে মঙ্গলবাৰে আয়কৰ বিভাগে চক্ৰটোৰ বিৰুদ্ধে দিল্লী, গুৰগাঁও, গাজিয়াবাদসহ একাধিক স্থানত তালাচী চলায়।

আয়কৰ বিভাগে অভিযান কালত বহুতো গুৰুত্বপূৰ্ণ নথি পত্ৰ উদ্ধাৰ কৰাৰ লগতে এই চক্ৰটোৰ সৈতে বেংকৰ কৰ্মচাৰীও জড়িত থকাৰ তথ্যও লাভ কৰিছে।

আয়কৰ বিভাগে এক নিৰ্দিষ্ট সূত্ৰৰ তথ্যৰ ভিত্তিত উক্ত স্থানসমূহত তালাচী অভিযান চলোৱা হৈছে বুলি জনাইছে।

এই হাৱলা কাণ্ডৰ মূল কাণ্ডাৰী চীনা নাগৰিকজনে মণিপুৰত থাকি ভুৱা ভাৰতীয় পাছপ’ৰ্ট উলিয়াইছিল।

চীনা নাগৰিকজনে প্ৰায় ৪০ টা বেংক একাউন্ট ব্যৱহাৰ কৰি আহিছিল। ইয়াৰ পিছতে লোকজনক সন্দেহবশতঃ আটক কৰা হয়। আৰু তেওঁক আটক কৰি সোধপোচ কৰাৰ পিছতে এই সমগ্ৰ কাণ্ড পোহৰলৈ আহে।

আয়কৰ বিভাগৰ এই তালাচীৰ পিছতে চীনা নাগৰিকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

এই কেলেংকাৰিটোৰ তদন্তৰ দায়িত্ব এনফ’ৰ্ছমেন্ট ডাইৰেক্টৰ হাতত অৰ্পণ কৰা হ’ব বুলি জানিব পৰা গৈছে।

প্ৰশ্ন উঠিছে এজন চীনা নাগৰিকে ভাৰতত প্ৰৱেশ কৰি ভুৱা পাছপ’ৰ্ট উলিয়াই ভাৰতত কেনেকৈ ইমান ডাঙৰ হাৱলা চক্ৰ এটা চলাবলৈ পালে?

Related News