NORTHEAST NOW (Assamese)

প্ৰকাশ পালে ক’ৰ’না ভাইৰাছ সম্পৰ্কীয় প্ৰথমখন অসমীয়া গ্ৰন্থ

April 24, 2020 4:20 pm · উত্তম শইকীয়া

ক’ৰ’না ভাইৰাছে বিশ্বজুৰি সৃষ্টি কৰা আতংকৰ মাজতে ডা০ বোধেশ্বৰ গগৈ নামৰ বোকাখাতৰ এজন জ্যেষ্ঠ চিকিৎসকে ভাইৰাছবিধৰ সম্পৰ্কে লিখি উলিয়াইছে এখন গ্ৰন্থ।

ক’ৰ’না ভাইৰাছৰ উৎপত্তি আৰু এই ভাইৰাছৰ পৰা উদ্ভৱ হোৱা COVID19 কে ধৰি সকলো বিষয় সামৰি “এ ট্ৰিবিউট টু মেনকাইণ্ড ক’ৰোনা” নামৰ গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে পিপ’ল এণ্ড চাইন্স চছাইটিৰ হৈ প্ৰণতি হাজৰিকাই।

শুকুবাৰৰ পুৱা বোকাখাতৰ মহকুমাধিপতিৰ কাৰ্যালয়ত গ্ৰন্থখন উন্মোচন কৰে বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যামে। সম্পূৰ্ণ চচিয়েল ডিষ্টেনচিং বজাই ৰাখি মহকুমাধিপতিৰ কাৰ্যালয়ত মুস্তিমেয় সাংবাদিকৰ উপস্থিতিত ‘ক’ৰোনা’ নামৰ গ্ৰন্থখন উন্মোচন কৰা হয়।

বোধেশ্বৰ গগৈৰ এই গ্ৰন্থই মানুহৰ মাজত ক’ৰ’না ৰোগৰ বিষয়ে সজাগতা সৃষ্টিত সহায় কৰিব বুলি মহকুমাধিপতি গৰাকীয়ে মন্তব্য কৰে। গগৈৰ গ্ৰন্থখন ক’ৰ’না ভাইৰাছ সম্পৰ্কে অসমত প্ৰকাশিত প্ৰথমখন গ্ৰন্থ হ’ব পাৰে বুলি তেওঁ লগতে কয়।

COVID19 ৰোগ চিনাক্ত কৰা চিকিৎসক ডা০ লি উইলিয়াং আৰু এই ৰোগত বিশ্বত নিহত হোৱা চিকিৎসক আৰু চিকিৎসাকৰ্মীৰ নামত লেখকে গ্ৰন্থখন উৰ্চগা কৰিছে।

Related News