NORTHEAST NOW (Assamese)

প্ৰশাসনৰ উপস্থিতিত জানাজা সম্পন্ন অসমৰ প্ৰথমজন ক’ভিড-১৯ত মৃত্যু হোৱা ব্যক্তিৰ  

April 10, 2020 8:04 pm · কল্পজ্যোতি শইকীয়া
Updated: April 10, 2020 8:06 pm
প্ৰতিনিধিত্বমূলক ফটো

ক’ভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু হোৱা অসমৰ প্ৰথমজন ব্যক্তিৰ জানাজা প্ৰশাসনৰ উপস্থিতিত শুকুৰবাৰে সম্পন্ন হৈছে।

যোৱা মঙলবাৰে ক’ভিড-১৯ পজিটিভৰূপে চিনাক্ত হোৱা ব্যক্তিজন সংকটজনক অৱস্থাত শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলত চিকিৎসাধীন হৈ আছিল।

হাইলাকান্দি জিলা উপায়ুক্তৰ উপস্থিতিত ক’ভিড-১৯ৰ ক্ষেত্ৰত ল’ব লগা সকলো সাৱধানতা অৱলম্বন কৰি তেওঁৰ জানাজা সম্পন্ন কৰা হয়।

প্ৰশাসনে ব্যক্তিজনৰ শেষকৃত্যত ১০জন ব্যক্তিক উপস্থিত থকাৰ অনুমতি প্ৰদান কৰে।

ব্যক্তিজনৰ পৰিয়ালৰ সকলো লোক কুৱাৰেণ্টাইনত থকা বাবে তেওঁলোকক দ্বিতীয় মহলাৰ পৰা তেওঁৰ পাৰ্থিৱ শৰীৰ দৰ্শনৰ অনুমতি দিয়া হয়।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই তথ্য সদৰী কৰি চৰকাৰৰ তৰফৰ পৰা ব্যক্তিজনৰ আত্মাৰ সদগতি কামনা কৰে আৰু পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

মৃত্যু হোৱা লোকজনক বাদ দি অসমত এতিয়ালৈকে ২৮জন লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰা মতে চিকিৎসাধীন বাকীসকল ব্যক্তিৰ স্বাস্থ্যৰ অৱস্থা ভাল।

শেহতীয়া পৰীক্ষাত ক’ভিড-১৯ পজিটিভ পাঁচজন ৰোগীৰ নমুনা নিগেটিভ দেখা গৈছে।

নিগেটিভ ফলাফল দেখুৱালেও তেওঁলোকক ভৰ্তি কৰাৰ দিনৰ পৰা ১৪দিনলৈকে চিকিৎসালয়ত ৰখা হ’ব।

Related News