NORTHEAST NOW (Assamese)

গুৱাহাটীত মুকলি ৰাজ্যৰ প্ৰথমখন জেনেৰিক ফাৰ্মাচী, ১০০ টকাৰ মেডিচিন লাভ কৰিব ২০-২৫ টকাত

September 13, 2020 8:45 pm · কল্পজ্যোতি শইকীয়া
Updated: September 13, 2020 8:49 pm

গুৱাহাটীৰ লালগণেশত দেওবাৰে মুকলি হয় ৰাজ্যৰ প্ৰথমখন জেনেৰিক ঔষধ বিক্ৰী কৰা ফাৰ্মাচী।

গুৱাহাটীৰ লালগণেশৰ ভাৰতীয় জীৱন বীমা চেটেলাইট কাৰ্যালয়ৰ বিপৰীত দিশত অৱস্থিত এই ফাৰ্মাচীখন।

এই ফাৰ্মাচীখন উদ্বোধন কৰে জাভা ইণ্ডিয়াৰ আঞ্চলিক বিষয়া বিজিত ৰয়ে।

প্ৰায় সকলোধৰণৰ ৰোগৰে দৰৱ উপলব্ধ হ’ব ডাভা ইণ্ডিয়াৰ এই জেনেৰিক ফাৰ্মাচীত।

এই ফাৰ্মাচীৰ স্বত্বাধিকাৰী কৌশিক চক্ৰৱৰ্তীয়ে প্ৰথমবাৰৰ বাবে ৰাজ্যত এই ফাৰ্মাচী মুকলি কৰে বুলি জানিবলৈ দিয়ে।

ঔষধৰ লগতে টুথব্ৰাছৰ, টুথপেষ্টৰ পৰা আৰম্ভ কৰি সমগ্ৰ কচমেটিকছ উপলব্ধ হ’ব এই ফাৰ্মাচীত।

ইপিনে, সাধাৰণ ফাৰ্মাচীত ১০০ টকাৰ ঔষধটো জেনেৰিক ফাৰ্মাচীত ২০-২৫ টকাতে উপলব্ধ হ’ব বুলি তেওঁ জনায়।

কেন্সাৰ, কিডনীৰ সমস্যা, ডায়েবেটিছৰ পৰা আৰম্ভ কৰি প্ৰায় সকলো ৰোগৰে দৰৱ এই ফাৰ্মাচীত উপলব্ধ হ’ব বুলি চক্ৰৱৰ্তীয়ে আমাৰ সাংবাদিকক জনায়।

বৰ্তমানলৈকে ৫০-৭০ শতাংশ ৰোগৰ ঔষধ ইতিমধ্যে ফাৰ্মাচীখনত উপলব্ধ হ’ব বুলি চক্ৰৱৰ্তীয়ে জনায়।

Related News