NORTHEAST NOW (Assamese)

কলিয়াবৰত আন্তঃক্লাৱ টাইকোৱাণ্ডো প্ৰতিযোগিতাৰ সামৰণি

May 31, 2019 6:36 pm · ৰিদিপ শৰ্মা
কলিয়াবৰত অনুষ্ঠিত টাইকোৱানডো প্ৰতিযোগিতাৰ দৃশ্য

কলিয়াবৰৰ শিলঘাটত ৩০ মে’ৰ পৰা আৰম্ভ হোৱা প্ৰথম আন্তঃ ক্লাৱ টাইকোৱাণ্ডো প্ৰতিযোগিতাৰ আজি সফল সামৰণি পৰে।

নগাঁও টাইকোৱাণ্ডো চেল্ফ-ডিফেন্স ক্লাৱে আয়োজন কৰা  প্ৰতিযোগিতাখনত অসমৰ বিভিন্ন স্থানৰ মুঠ ষোল্লটা ক্লাবৰ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।

বয়স আৰু ওজনৰ ভিত্তিত কেইবাটাও শাখাত প্ৰতিযোগিতাখন অনুষ্ঠিত হয়। শিলঘাটত থকা ড০ ভূপেন হাজৰিকা ক্ষেত্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত পাঁচ বছৰ বয়সৰ পৰা ঊনৈশ বছৰ বয়সৰ ল’ৰা আৰু ছোৱালী উভয় শাখাৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰে।

খেলৰ অন্তত আজি প্ৰতিযোগিতাখনত বিজয়ীসকলক বঁটা প্ৰদান কৰা হয়।

নগাঁও টাইকোৱাণ্ডো চেল্ফ-ডিফেন্স ক্লাৱে আয়োজন কৰা প্ৰতিযোগিতাখন কলিয়াবৰৰ শিলঘাটত অনুষ্ঠিত হোৱা বাবে শিলঘাটৰ ক্ৰীড়া প্ৰেমী সকলৰ লগতে স্থানীয় ৰাইজে আনন্দ প্ৰকাশ কৰিছে লগতে কলিয়াবৰৰ কেইবাশ যুৱক-যুৱতীয়ে খেলবিধৰ পৰা যথেষ্ট প্ৰেৰণা লাভ কৰিছে বুলি আমাক জানিবলৈ দিয়ে।

Related News