NORTHEAST NOW (Assamese)

প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সমাপ্ত : ভোটদাতা ৰাইজলৈ কৃতজ্ঞতা জ্ঞাপন প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ

March 27, 2021 7:40 pm · কল্পজ্যোতি শইকীয়া
Updated: March 27, 2021 8:22 pm

প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণত ৰাইজে বিপুল উৎসাহেৰে ভোটদান কৰাৰ বাবে সকলোকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰাই।

এক প্ৰেছ বিবৃতিৰ জৰিয়তে সভাপতি বৰাই কয়—”এক সুস্থ আৰু সবল গণতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰাটো অতি প্ৰয়োজনীয় আৰু ৰাইজে এই কথা উপলব্ধি কৰি এইবাৰ স্থিতাৱস্থাৰ বিৰুদ্ধে ভোটদান কৰিছে।

বিজেপি নেতৃত্বাধীন চৰকাৰৰ অপশাসন, দুৰ্নীতি, জনবিৰোধী নীতি আদিক লৈ অতিষ্ঠ হোৱা ৰাইজে এইবাৰ সম্প্ৰীতিৰে ভৰা এখন সমৃদ্ধিশালী অসম গঢ়াৰ লগতে সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত বিৰোধী মহাজোঁটৰ উমৈহতীয়া তথা ভাৰতীয় জাতীয় কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থীৰ সপক্ষে ব্যাপকভাৱে ভোটদান কৰিছে।

ভোটদাতা ৰাইজৰ স্বতঃস্ফূৰ্ত আৰু অভূতপূৰ্ব সহাঁৰিয়ে এই কথাৰ স্পষ্ট ইংগিত দিছে বুলিও প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।

“আমাক আস্থা আৰু বিশ্বাসত লৈ কংগ্ৰেছ তথা মহাজোঁটৰ সপক্ষে ব্যাপকভাৱে ভোটদান কৰা ভোটদাতা ৰাইজক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু পৰৱৰ্তী দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণতো অনুৰূপ সমৰ্থন কামনা কৰিছো।” সভাপতি বৰাই কয়।

Related News