NORTHEAST NOW (Assamese)
অসম

বোকাখাতৰ যোগনীয়াত অগণন মাছৰ মৃত্যু, শংকিত জনসাধাৰণ

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া August 7, 2020 8:04 pm
Fish death in Assam's Bokakhat

কভিড১৯ৰ ভয়াৱহ সংক্ৰমণৰ লগতে সূৰ্যৰ প্ৰচণ্ড উত্তাপে দহিছে ৰাজ্য৷ অকল মানুহেই নহয় প্ৰকৃতিৰ এই ৰুদ্ৰমূৰ্তিয়ে যেন দহিছে জীৱকুলকো৷ ব্যতিক্ৰম নহয় বোকাখাতো।

বোকাখাত মহকুমাৰ যোগনীয়া গাওঁত খাল-বিলৰ পানীত ওপঙিছে সহস্ৰাধিক মৰা মাছ। সূৰ্যৰ প্ৰচণ্ড উত্তাপতেই অঞ্চলটোত অগণন  মাছৰ মৃত্যু হৈছে বুলি স্থানীয় লোকে জনাইছে।

জলাশয়  সমূহত ওপঙি উঠা গেলা মাছৰ দুৰ্গন্ধ বিয়পি পৰিছে সমগ্ৰ অঞ্চলটোত৷ যোগনীয়া গাওঁৰ  জ্যেষ্ঠ ব্যক্তি ভলৌ হাজৰিকাই জনোৱা মতে  বিগত ৫০ বছৰত সেই অঞ্চলত এনেদৰে মাছৰ মৃত্যু হোৱা দেখা নাছিল।

তাৰ পূৰ্বে এনেদৰে মাছ মৰিছিল। এনেদৰে অগণন মাছ মৰাৰ পাছত সেই সময়ত অঞ্চলবোৰত প্ৰবল বানপানী অথবা মহামাৰীয়ে দেখা দিছিল বুলি তেওঁ মন্তব্য কৰে।

যদি এয়া এক প্ৰাকৃতিক পৰিঘটনা তেন্তে ইয়াৰ পৰা হ’ব পৰা সম্ভাব্য  দুৰ্যোগৰ বাবে এতিয়া শংকিত হৈ পৰিছে স্থানীয় জনসাধাৰণ৷ এয়া যেন তাৰেই এক অশনি সংকেত বুলি শংকা  কৰিছে স্থানীয় লোকে।

ইফালে আজি পুৱাৰ ভাগত অঞ্চলটোৰ গভীৰ জলাশয়ত অগণন মাছে জলপৃষ্ঠত জপিয়াই ছাটিফুটি কৰা দৃশ্য আছিল হৃদয় বিদাৰক৷

কেৱল জলবায়ুৰ উত্তাপৰ বাবেই মাছ মৰিছে নে কিবা অচিন ৰোগত মাছৰ মৃত্যু হৈছে সেয়া এতিয়াও নিশ্চিত হোৱা নাই৷

ইয়াৰ মাজতে একাংশ লোকে মাছ ধৰি বিক্ৰী কৰি থকাও দেখা গৈছে। অঞ্চলটোত এই দৰে মৰা মাছ খালে মানৱ দেহত কিবা প্ৰতিক্ৰিয়াই দেখা দিব নেকি সিও এক চিন্তনীয় বিষয় হৈ পৰিছে।

ইফালে অঞ্চলটোত মৰা অগণন মৰা মাছ মৎস্যভোজী চৰায়েও খোৱা দেখা নাই বুলিও মন্তব্য কৰিছে স্থানীয় লোকে৷