NORTHEAST NOW (Assamese)
অসম

প্রহসনত পৰিণত গোলাঘাটৰ মীন বিভাগৰ আঁচনি

Posted by: মীনাক্ষী ফুকন,গোলাঘাট Updated by: মীনাক্ষী ফুকন,গোলাঘাট September 19, 2021 3:54 pm
প্রহসনত পৰিণত গোলাঘাটৰ মীন বিভাগৰ আঁচনি

গোলাঘাটত চৰকাৰী অভিলাষী আঁচনিৰ নামত আচলতে কি চলিছে ? মীন বিভাগর অভিলাষী আঁচনি প্ৰহসনত পৰিণত হোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

জানিব পৰা মতে গোলাঘাটত মীন বিভাগৰ অভিলাষী আঁচনি বুমেৰাঙত পৰিণত হৈছে।

বিশেষকৈ ঘৰে ঘৰে পুখুৰী,ঘৰে ঘৰে মাছ এই আঁচনিত গোলাঘাটত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি আৰু অনিয়ম।

অভিযোগ অনুসৰি এই অভিলাষী আঁচনিৰ পৰা বঞ্চিত হৈছে প্ৰকৃত হিতাধিকাৰী,বিপৰীতে ভূৱা হিতাধিকাৰীৰ নামত চৰকাৰী আঁচনিৰ ধন মোকলাই দিয়া পৰিলক্ষিত হৈছে।

উল্লেখযোগ্য যে গোলাঘাটত পাঁচটা বছৰতো সম্পূৰ্ণ নহ’ল এই আঁচনিৰ অন্তৰ্গত আধাতকৈ বেছি পুখুৰী।

বিভাগীয় বিষয়া কৰ্মচাৰীৰে বুজাবুজিৰ বাবেই অযোগ্য হিতাধিকাৰী নিৰ্বাচিত হয় আঁচনিৰ বাবে।

ইতিমধ্যে সমগ্র ঘটনাৰ ওপৰত উঠা অভিযোগৰ ভিত্তিত এমাহৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ গুৱাহাটী হাই কৰ্টৰ।
এই নিৰ্দেশৰ অহাৰ পিছতেই ইমানদিনে শুই থকা মীণ বিভাগে পুখুৰী নখন্দা হিতাধিকাৰীৰ বিৰুদ্ধে আইনী ব্যৱস্থা হাতত লোৱাৰ হুংকাৰ প্ৰদান কৰিছে।