NORTHEAST NOW (Assamese)
অসম

মণিপুৰত বিগত ২৪ ঘণ্টাত ক’ৰ’নাৰ সংক্ৰমণত ৫ গৰাকী লোকৰ মৃত্যু, মুঠ মৃতকৰ সংখ্যা ১০৯ লৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 17, 2020 9:28 am

মণিপুৰত শুকুৰবাৰে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত নতুনকৈ পাঁচগৰাকী লোকৰ মৃত্যু হয়। ইয়াৰ ফলত ৰাজ্যখনত ক’ৰ’নাৰ সংক্ৰমণৰ বাবে মৃত্যু হোৱা লোকৰ সংখ্যা ১০৯ গৰাকীলৈ বৃদ্ধি পায়।

মৃত্যু হোৱা ব্যক্তি কেইগৰাকীৰ ভিতৰত তিনিগৰাকী পূৱ ইম্ফল আৰু এগৰাকীকৈ থৌবাল আৰু তামেংলং জিলাৰ।

আনহাতে, মণিপুৰত শুকুৰবাৰে ৩০৪ গৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে।

৩০৪ গৰাকী কোভিড প’জিটিভ লোকৰ ভিতৰত ১৮৪ গৰাকী পুৰুষ আৰু ১২০ গৰাকী মহিলা। ৩৩ গৰাকী নিৰাপত্তাৰক্ষী বাহিনীৰ জোৱানৰ শৰীৰতো ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে।

মণিপুৰৰ ২৪ টা ক’ৰ’না পৰীক্ষণ কেন্দ্ৰত এইসকল লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে।

ক’ৰ’না প’জিটিভ হোৱা ব্যক্তিসকলৰ ভিতৰত পশ্চিম ইম্ফলৰ ৫৫ গৰাকী, পূৱ ইম্ফলৰ ১১৩ গৰাকী, ন’নেইৰ এগৰাকী, থৌবালৰ ৭ গৰাকী, বিষ্ণুপুৰৰ ৯ গৰাকী, চান্দেলৰ ২০ গৰাকী, চুৰাচান্দপুৰৰ ৯ গৰাকী, সেনাপতিৰ ১২ গৰাকী, কাংগপোকিৰ ৩ গৰাকী, কাকচিঙৰ ৩৩ গৰাকী, তেংনৌপালৰ ১৫ গৰাকী, তামেংলঙৰ ১৯ গৰাকী আৰু উখৰুলৰ ৮ গৰাকী।

তদুপৰি,মণিপুৰত বিগত ২৪ ঘণ্টাত ১৬৪ গৰাকী লোকক চিকিৎসাৰ অন্তত ক’ৰ’না মুক্ত ঘোষণা কৰা হয়।