NORTHEAST NOW (Assamese)

বিমান দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা মুখ্য ন্যায়াধীশ : কলকতাত জৰুৰী অৱতৰণ বিমান

December 24, 2020 10:23 am · এন ই নাও নিউজ
Updated: December 24, 2020 11:54 am

বিমান দুৰ্ঘটনাৰ পৰা কথপমি ৰক্ষা পৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ এ ব’বদে।

বুধবাৰে সন্ধিয়া ত্ৰিপুৰাৰ পৰা কলকতা হৈ হায়দৰাবাদলৈ যাত্ৰা কৰি থকাৰ সময়তে কলকতাৰ আকাশমাৰ্গত মুখ্য ন্যায়াধীশগৰাকীয়ে যাত্ৰা কৰা বিমানখনত যান্ত্ৰিক বিজুতি ধৰা পৰে।

লগে লগে বিমানখনৰ বৈমানিকে কলকতাৰ দমদম আন্তৰ্জাতিক বিমান বন্দৰত অৱতৰণ কৰে বিমানখন।

বিমানখনত ব’বদেসহ ১৪৬ যাত্ৰী আছিল। দমদম বিমান বন্দৰত অৱতৰণ কৰাৰ লগে লগে ব’বদেসহ ১৪৬ গৰাকী বিমান যাত্ৰীৰ জীৱন ৰক্ষা পৰে।

উল্লেখ্য যে দেশৰ সৰ্বোচ্চ ন্যায়াধীশগৰাকীয়ে অসমসহ উত্তৰ পূৱ ভ্ৰমণলৈ আহিছিল। সেই ভ্ৰমণৰ সময়ছোৱাত তেওঁ অসমৰ কামাখ্যা মন্দিৰ দৰ্শন কৰাৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানো পৰিভ্ৰণ কৰে।

ইয়াৰ পিছতে মংগলবাৰে অসমৰ পৰা ত্ৰিপুৰালৈ যায় মুখ্য ন্যায়াধীশগৰাকীয়ে।

বুধবাৰে ত্ৰিপুৰাৰ হাই কোৰ্টৰ ই-সেৱা কেন্দ্ৰ উদ্বোধন কৰি মুখ্য ন্যায়াধীশগৰাকীয়ে আগৰতলাৰ মহাৰাজা বীৰ বিক্ৰমবিমান বন্দৰৰ পৰা কলকতা হৈ এয়াৰ ইণ্ডিয়াৰ ৫৩০ নম্বৰ বিমানেৰে হায়দৰবাদলৈ যাত্ৰা কৰিছিল।

Related News