NORTHEAST NOW (Assamese)
অসম

ধোনীয়ে ভাৰতক নেতৃত্ব দিব পাৰিব বুলি কিয় কোনো ছিনিয়ৰে ভবা নাছিল? উত্তৰ মহম্মদ কাইফৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 24, 2020 9:38 am

আজিৰ পৰা ১৬ বছৰ পূৰ্বে ২৩ ডিচেম্বৰত ভাৰতৰ সৰ্বশ্ৰেষ্ঠ অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক কৰিছিল।

২০০৪ চনৰ ২৩ ডিচেম্বৰত চিটাগঙত বাংলাদেশৰ বিৰুদ্ধে খেলা প্ৰথম খেলখনত এটা বল খেলিয়েই ৰান আউট হৈছিল। সেই সময়ত তেওঁৰ সৈতে বেটিং কৰি আছিল মহম্মদ কাইফ।

ধোনীৰ সৈতে হোৱা প্ৰথম সাক্ষাতৰ কথা মনত পেলাই কাইফে প্ৰথম প্ৰথম ধোনীক দেখি তেওঁৰ মনত কি ভাব আহিছিল সেই কথাও ব্যক্ত কৰে।

ধোনীৰ জীৱনৰ প্ৰথম মেচখনত ভাৰতে বাংলাদেশক ১১ ৰানত পৰাস্ত কৰে আৰু কাইফে ৮০ ৰান কৰাৰ বাবে মেন অফ দ্যা মেচ লাভ কৰিছিল।

ষ্টাৰ স্পোৰ্টছৰ ‘ক্ৰিকেট কানেক্টেড’ নামৰ অনুষ্ঠানত কাইফে কয়, ‘ধোনীক প্ৰথমবাৰ দুলিপ ট্ৰফিত দেখিছিলো। সেই সময়ত, মই চেণ্ট্ৰেল জ’নৰ অধিনায়ক আৰু ধোনী ইষ্ট জ’নৰ উইকেট কীপাৰৰ ভূমিকাত আছিল। তেওঁ অধিনায়ক নাছিল’।

লক্ষ্ণৌৰ এজন বন্ধুৱে কাইফক ধোনীৰ বিষয়ে অৱগত কৰা বুলি উল্লেখ কৰি তেওঁ কয়, ‘বন্ধুজনে কৈছিল যে এজন দীঘল চুলিৰ খেলুৱৈ আছে, তেওঁক চোৱা। মই কেতিয়াও তেওঁৰ দৰে ছয় কোবোৱা দেখা নাই’।

কাইফৰ উপৰি যুৱৰাজ সিং, বীৰেন্দ্ৰ ছেহৱাগ, জাহিৰ খান আৰু হৰভজন সিঙেও ধোনীৰ প্ৰথমখন মেচত সহযোগী খেলুৱৈ হিচাপে আছিল।

পিছলৈ এই সকলো খেলুৱৈয়ে ধোনীৰ নেতৃত্বত খেলিছিল।

ধোনী সন্দৰ্ভত কাইফে অতি গুৰুত্বপূৰ্ণ মন্তব্য কৰি কয় যে আমাৰ মাজৰ কোনেও ভাবিব পৰা নাছিল যে তেওঁ কিমান ভাল অধিনায়ক হ’ব।

‘মই, জাহিৰ, হৰভজন, সেহৱাগৰ মাজৰ আমি কোনেও ভবা নাছিলো যে ধোনী ভাৰতীয় দলৰ অধিনায়ক হ’ব পাৰিব’, কাইফে এইদৰে কয়।

উল্লেখ্য যে মহেন্দ্ৰ সিং ধোনীয়ে চলিত বছৰৰ আগষ্ট মাহত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। তেওঁ ভাৰতৰ হৈ ৩৫০ খন এদিনীয়া মেচ খেলি ১০,৭৭৩ ৰান কৰিছিল।

এদিনীয়া ক্ৰিকেটত সৰ্বাধিক ৰান কৰাৰ ক্ষেত্ৰত তেওঁ একাদশ স্থানত আছে। যদি ভাৰতৰ কথা আহে, তেন্তে শচীন তেণ্ডুলকাৰ, বিৰাট কোহলী, সৌৰভ গাংগুলী আৰু ৰাহুল দ্ৰাবিড়ৰ তলতেই আছে ধোনী।