NORTHEAST NOW (Assamese)
অসম

পুৰণি গুদামত বানাক্ৰান্তৰ মাজত সাহায্য বিতৰণ ড° বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ

Posted by: ভাৰ্গৱ হাজৰিকা Updated by: ভাৰ্গৱ হাজৰিকা July 27, 2019 5:02 pm
Flood Relief

নগাঁও জিলাৰ পুৰণি গুদামৰ উচ্চশিক্ষাৰ অনুষ্ঠান ড° বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ বিষয়ববীয়াসকলে বান ক্ষতিগ্ৰস্ত এলেকাত উপস্থিত হৈ ৰাইজৰ মাজত সাহায্য বিতৰণ কৰে।

ছাত্ৰ-ছাত্ৰীসকলে চামগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত লাওখোৱাৰ ১ নম্বৰ ভুৰবন্ধা আৰু কলিয়াবৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত বৰঘুলিত উপস্থিত হৈ বান কবলিতৰ মাজত বিভিন্ন বস্তু বিতৰণ কৰে।

শতাধিক ক্ষতিগ্ৰস্ত পৰিয়ালক সামৰি লোৱা কাৰ্য্যসূচীটোত শিশুৰ মাজত খোৱাপানী, বিস্কুট, চাউল, মুড়ি, নিমখ আৰু কাপোৰ বিতৰণ কৰা হয়।

অলপতে হৈ যোৱা ব্ৰহ্মপুত্ৰৰ  ভয়াৱহ বাঢ়নী পানীত চামগুৰিৰ নৈ পৰীয়া লাওখোৱাৰ ভুৰবন্ধা, ভগামুখ আৰু বৰঘুলিৰ বৃহত্তৰ অঞ্চলসমূহ আক্ৰান্ত হৈছিল। ফলত অঞ্চলসমূহৰ বহু পৰিয়ালে শিবিৰত আশ্ৰয় ল’ব লগীয়া হৈছিল।

জানিব পৰামতে, এই অঞ্চলবোৰত সম্প্ৰতি বান পৰিস্থিতিৰ কিছু অৱসান ঘটিছে যদিও বহু সংখ্যক পৰিয়াল এতিয়াও নিজৰ ঘৰখনলৈ ঘূৰি যাব পৰা নাই। তেওঁলোকে শিলঘাট-ধিং সংযোগী লাওখোৱাৰ মুখ্য মথাউৰিটোৰ ওপৰতে অস্থায়ী শিবিৰ স্থাপন কৰি আশ্ৰয় লৈ আছে।