NORTHEAST NOW (Assamese)

ৰাজ্যবাসীলৈ সুখবৰ; ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ৱাটাৰ প’ল প্ৰতিযোগিতাত প্ৰথমবাৰৰ বাবে অংশ লব অসমে

October 17, 2021 3:10 pm · পার্শ্বজোতি গগৈ, শিৱসাগৰ
ফটো: নৰ্থইষ্ট নাও।

Assam in National level water polo ক্ৰীড়াক্ষেত্ৰত ৰাজ্যবাসীৰ বাবে এক সুখৱৰ। ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ৱাটাৰ প’ল প্ৰতিযোগিতাত প্ৰথমবাৰৰ বাবে অংশ লব অসমে।

ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হবলগীয়া ৱাটাৰ প’ল প্ৰতিযোগিতাত অসমৰ তিনিটা দলে তিনিটা শাখাত অংশ গ্ৰহণ কৰিব।

অসমৰ দলটোত শিৱসাগৰৰ ৮ গৰাকী প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰিব।

দুমাহ ধৰি পথাৰৰ পুখুৰীত প্ৰশিক্ষণ লৈ এই আঠ যুৱক-যুৱতীয়ে শিৱসাগৰলৈ আনিছে সফলতা।

প্ৰশিক্ষণৰ বাবে উন্নত মানৰ চুইমিংপুল নিৰ্মাণ কৰি অসমৰ যুৱক-যুৱতীৰ মাজত জলপৃষ্ঠৰ এই ক্ৰীড়া বিধৰ প্ৰতি আকৰ্ষিত কৰিবলৈ চৰকাৰলৈ অনুৰোধ জনাইছে ক্ৰীড়াবিদসকলে।

অসমত এই ক্ৰীড়াবিধৰ জনপ্ৰিয়তা বৃদ্ধি পালে বহু প্ৰতিভাৱান ক্ৰীড়াবিদে অসমৰ নাম উজলাবলৈ সক্ষম হ’ব বুলি আশা কৰা হৈছে।  

Related News