NORTHEAST NOW (Assamese)

কোনখন ছবিৰ বাবে ৪০ বছৰ বয়সত প্ৰথমবাৰৰ বাবে অডিশ্যন দিলে কৰিনাই?

October 28, 2019 2:15 pm · এন ই নাও নিউজ
কৰিনা কাপুৰ।

জীৱনত কোনোদিনে অডিশ্যনৰ মুখামুখি হ’বলগীয়া হোৱা নাছিল ষ্টাৰ কিডগৰাকী। কিন্তু দিনটো সকলোৰে সদায় সমানে নাযায়।

জীৱনৰ মধ্যবয়সত আহি অডিশ্যনৰ বাবে প্ৰথমবাৰ কেমেৰাৰ সন্মুখত থিয় দিব লগা হ’ল আবেদনময়ী নায়িকা কৰিনা কাপুৰে।

কৰিনাই অভিনয় কৰিবলগীয়া এই ছবিখনৰ নাম হ’ল “লাল সিং চড্ডা’।

অভিনেত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে জীৱনত তেওঁ কেতিয়াও কোনো ছবিৰ বাবে অডিশ্যন দিবলগীয়া হোৱা নাছিল। আনকি প্ৰথম ছবি “ৰিফিউজি’ৰ বাবেও তেওঁ অডিশ্যন দিয়া নাছিল।

শুনিবলৈ পোৱা খবৰ মতে ৰাকেশ ৰোছনে “কহো না প্যাৰ হ্যে’ ছবিখনৰ বাবে প্ৰথমতে কৰিনাক নিৰ্বাচন কৰিছিল। তাতো কৰিনাই অডিশ্যন দিবলগীয়া হোৱা নাছিল।

“জব উই মেট’, “উড়তা পাঞ্জাৱ’, “থ্ৰি ইডিয়টছ’, “অশোকা-দ্য গ্ৰেট’ আদিৰ দৰে বহু সুন্দৰ ছবিত অভিনয় কৰি আহিছে কৰিনাই। কিন্তু ক’তো পৰিচালকে তেওঁক অডিশ্যনৰ বাবে মতা নাছিল। কিন্তু এইবাৰ?

জানিবলৈ পোৱা মতে, পত্নীক ইয়াৰ বাবে ৰাজী কৰিছে পতি ছাইফ আলী খানে। ছাইফে তেওঁক বহু প্ৰখ্যাত অভিনেতাৰ উদাহৰণ দি অডিশ্যনৰ প্ৰয়োজনীয়তাৰ কথা বুজায়। আৰু পতিৰ কথাত মান্তি হৈয়েই কৰিনা অডিশ্যনত কেমেৰাৰ সন্মুখত থিয় দিয়ে।

অৱশেষত কৰিনাই বুজি পালে নিজকে তাৰকা সজাই গপত থাকিলে ক্ষতিতো নিজৰেই হ’ব। সেয়ে, “লাল সিং চড্ডা’ৰ বাবে অডিশ্যন দিবলৈ সাজু হ’ল কৰিনা।

তদুপৰি, আমিৰ খানে বিচাৰিছিল ছবিখনৰ বাবে সম্পূৰ্ণ এশ শতাংশ সাজু হৈ ফ্ল’ৰলৈ আহক কৰিনা।

ছবিখন ১৯৯৪ চনত মুক্তি পোৱা “ফৰেষ্ট গাম্প’ৰ হিন্দী ৰিমেক। উইনষ্টল গ্ৰুমৰ কাহিনীৰ অৱলম্বনত ১৯৮১চনৰ পৃষ্ঠভূমিত ছবিখন নিৰ্মিত হৈছিল। আমেৰিকাৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘটনাৰ প্ৰতিফলন ঘটিছিল ছবিখনত।

হিন্দী ৰিমেক ছবিখনৰ নায়কৰ ভূমিকাত অভিনয় কৰিব আমিৰ খানে। আমিৰৰ বিপৰীতে নায়িকাৰ চৰিত্ৰত দেখা যাব কৰিনা কাপুৰক।

Related News