NORTHEAST NOW (Assamese)

এদিনতে মৃত্যু এক হাজাৰ লোকৰ; ৰাছিয়াত কোভিড-১৯ৰ ব্যাপক সংক্ৰমণে বৃদ্ধি কৰিছে বিশ্বৰ উদ্বেগ

October 17, 2021 7:50 pm · এন ই নাও নিউজ, গুৱাহাটী

Russia records Covid-19 cases বিশ্বত কোভিড-১৯ৰ সংক্ৰমণ লাহে লাহে হ্ৰাস পোৱাৰ বাতৰি পাই থকাৰ মাজতে শেহতীয়াকৈ ৰাছিয়াৰ কোভিড পৰিস্থিতিয়ে পুনৰ সমগ্ৰ বিশ্বৰে উদ্বিগ্নতা বৃদ্ধি কৰিছে। দেশখনত পুনৰ মাৰাত্মক ভাইৰাছৰ সংক্ৰমণে আতংকৰ ৰূপ লৈছে।

শনিবাৰে ৰুছ চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি দেশখনত ২৪ ঘন্টাত কোভিডৰ ফলত এক হাজাৰ দুজন লোকৰ মৃত্যু ঘটিছে।

দেশখনত দৈনিক সংক্ৰমণৰ ঘটনা ৩৩হাজাৰো অধিক হৈছে। যোৱা তিনিদিন ধৰি সংক্ৰমণৰ ঘটনা দ্ৰুত গতিত বৃদ্ধি পাবলৈ লৈছে।

ভেকচিন প্ৰদানৰ গতি হ্ৰাস পোৱা তথা বিভিন্ন অঞ্চলত কোভিড বিধি শিথিল হোৱাৰ বাবেই সংক্ৰমণ বৃদ্ধি পোৱা বুলি ধাৰণা কৰা হৈছে।

চৰকাৰী তথ্য অনুসৰি দেশখনত ৩১শতাংশ লোকৰ টীকাকৰণ সম্পন্ন হৈছে। ৰাছিয়াত চৰকাৰে বিভিন্ন স্থানত কোভিড বিধি মানি চলাৰ ক্ষেত্ৰত শিথিলতা আনিছে।

দেশখনত ইতিমধ্যে ২লাখ ২২হাজাৰ ৩১৫জন লোকৰ কোভিডত মৃত্যু হৈছে।

চিকিৎসকসকলে জানিবলৈ দিয়া মতে বহু স্থানত কোভিড টেষ্ট নকৰাকৈয়ে লোকসকলক চলাচল কৰিবলৈ দিয়াৰ বাবেই সংক্ৰমণ বৃদ্ধি পাইছে।

আনহাতে, ৰুছ চৰকাৰে অৰ্থনৈতিক কাৰ্যকলাপ বাধাগ্ৰস্ত নহ’বলৈ কোভিডৰ বাধা-নিষেধ প্ৰয়োগ কৰিবলৈ আগ্ৰহী নহয়।

Related News