NORTHEAST NOW (Assamese)

প্ৰথমবাৰৰ বাবে কাজিৰঙাত জলচৰ পক্ষীৰ বিভাগীয় গণনা

December 20, 2018 4:58 pm · উত্তম শইকীয়া
প্ৰতীকী ছবি। দীপৰ বিলত বনৰীয়া হাঁহৰ ছবি ৰাজু কাচাম্বেই তোলা। wikimedia commonsৰ সৌজন্যত।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৃহস্পতিবাৰে প্ৰথমবাৰৰ বাবে সম্পন্ন হয় জলচৰ পক্ষীৰ বিভাগীয় পদ্ধতিগত গণনা৷

পুৱাবেলাতে উদ্যানখনৰ অগৰাতলি, কহঁৰা আৰু বাগৰি বনাঞ্চলৰ ৪টা জলাশয়ত ১৫টা গণনাকাৰী দলে জলচৰ পক্ষীৰ গণনা সম্পন্ন কৰে৷ ইয়াৰ পূৰ্বে কাজিৰঙাত জলচৰ পক্ষীৰ কোনো প্ৰণালীবদ্ধ গণনা হোৱা নাছিল৷

উদ্যানৰ গৱেষণা বিষয়া ৰবীন শৰ্মাৰ নেতৃত্বত অগৰাতলিৰ চহলা, কহঁৰাৰ কাৰচিন, বাগৰিৰ ৰৌমাৰি, গৰৈমাৰি আৰু ডোঙা জলাশয়ত এই পক্ষী গণনা সম্পন্ন হয়৷

কাজিৰঙাত বৃহস্পতিবাৰে জলপক্ষী গণনাকাৰী দলটো। ছবি- নৰ্থ ইষ্ট নাও।

জলাশয় পক্ষীৰ গণনাই অৱশ্যে এতিয়াও সামৰিব পৰা নাই সমগ্ৰ উদ্যানখন। কাজিৰঙাৰ ৯০খন স্থায়ী জলাশয় আৰু ২৫০খন বৰ্ষাকালীন জলাশয়ত সম্পূৰ্ণৰূপে পক্ষী গণনাৰ বাবে প্ৰায় ৩৫০গৰাকী গণনাকাৰীৰ প্ৰয়োজন৷

স্থানীয় জে ডি এচ জি মহাবিদ্যালয়, চি এন বি মহাবিদ্যালয় আৰু কাৰিকৰী প্ৰশিক্ষণ কেন্দ্ৰৰ ২০গৰাকী স্বেচ্ছাসেৱকক প্ৰশিক্ষণ প্ৰদান কৰি এইবাৰ আৰম্ভ হোৱা গণনাত নিয়োজিত কৰা হৈছে।

গণনাত ধৃতৰাজ, চাকৈচকোৱা, তেলীয়া সাৰেং, কনুৱা, বালিঘোঁৰা, বেজি নেজীয়া হাঁহ, খন্তীয়া হাঁহ আদিৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হয়৷

গণনাত ৰে’ঞ্জ ফাইণ্ডাৰ, দূৰৱীণ, জি পি এছ আৰু টেলিস্ক’প ব্যৱহাৰ কৰা হৈছিল।

Related News