NORTHEAST NOW (Assamese)

গঁড়ৰ খৰ্গৰ ব্যৱসায়ৰ সৈতে জড়িত অগপ দলৰ সদ্য অপসাৰিত সদস্য পলাতক গনেশ দলেৰ সন্ধানত বন বিভাগৰ অভিযান

September 26, 2020 12:51 pm · উত্তম শইকীয়া
ফটো : নৰ্থইষ্ট নাও

গঁড়ৰ খৰ্গৰ ব্যৱসায়ত জড়িত থকাৰ বিতৰ্কৰ পিচত অসম গণ পৰিষদ দলৰ পৰা বহিস্কাৰ হোৱা বোকাখাত ম’হমাইকী গাওঁৰ নিৱাসী গনেশ দলে সম্প্ৰতি পলাতক বুলি জানিব পৰা গৈছে ৷

বোকাখাত আৰক্ষীয়ে কৰায়ত্ত কৰি বন বিভাগক হস্তান্তৰিত কৰা গঁড়ৰ খৰ্গৰ ব্যৱসায়ৰ সৈতে জড়িত বোকাখাত আমটেঙাৰ মৃদুল পেগু, ডলামৰাৰ ৰাজেন ৰংফাৰ আৰু টাৰজেন তেৰাংৰ স্বীকাৰোক্তিৰ আধাৰত যোৱা নিশা পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ অভিযানকাৰী দলে গনেশ দলেৰ বাসগৃহত তালাচী চলায়।

কিন্তু অভিযানকাৰী অহাৰ উমান পাইয়ে পলায়ন কৰে অভিুক্ত গনেশ দলে ৷

গনেশ দলেৰ বাসগৃহত অভিযানকাৰী দলে তালাচী চলায় যদিও তেনে কোনো আপত্তি জনক সামগ্ৰী পোৱা নাই বুলি বিভাগীয় সুত্ৰত প্ৰকাশ ৷

সম্প্ৰতি পলাতক গনেশ দলেৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে বন বিভাগে ৷

মন কৰিবলগীয়া যে গঁড়ৰ খৰ্গৰ ব্যৱসায়র সৈতে জড়িত থকাৰ অপৰাধত বোকাখাতৰ আৰক্ষীয়ে মৃদুল পেগু,ৰাজেন ৰংফাৰ আৰু টাৰজেন তেৰাঙৰ লগতে গনেশ দলেকো আটক কৰিছিল ৷

গমেশ দলক অগপৰ পৰা বহিস্কাৰ কৰা পত্ৰখন।

অসম গণ পৰিষদ দলৰ পৰা সদ্য বহিস্কৃত গনেশ দলেৰ বিৰুদ্ধে তেনে কোনো সাক্ষ্য প্ৰমান নাই বুলি গনেশ দলেক মুকলি কৰি দি বাকী তিনিজনক ২৪ ছেপ্টেম্বৰৰ দিনা বন বিভাগৰ হাতত অৰ্পণ কৰিছিল বোকাখাতৰ আৰক্ষীয়ে ৷

মৃদুল পেগুয়ে দিয়া স্বীকাৰোক্তিৰ আধাৰতেই যোৱা নিশা গনেশ দলেৰ সন্ধানত অভিযান চলায় বন বিভাগে ৷

মন কৰিব লগীয়া যে ২৩ ছেপ্টেম্বৰৰ নিশা কৰায়ত্ত কৰা মৃদুল পেগুৱে বোকাখাত আৰক্ষী থানাতেই ৰাজেন ৰংফাৰৰ পৰা অনা গঁড়ৰ খৰ্গটো গনেশ দলেক দিয়া বুলি সাংবাদিকক জনাইছিল৷ ইয়াৰ পিচতেই সাক্ষ্য প্ৰমান নথকা বুলি গনেশ দলেক মুকলি কৰি দিছিল বোকাখাত আৰক্ষীয়ে ৷

Related News