NORTHEAST NOW (Assamese)

কলিয়াবৰৰ ৰাঙলুত ভয়ংকৰ দুৰ্ঘটনাত নিহত বুঢ়াপাহাৰ বনাঞ্চলৰ বনকৰ্মী

February 13, 2021 2:17 pm · ৰিদীপ শৰ্মা

কলিয়াবৰৰ ৰাঙলুত সংঘটিত হোৱা ভয়ংকৰ দুৰ্ঘটনাত নিহত হয় বুঢ়াপাহাৰ বনাঞ্চলৰ এগৰাকী বনকৰ্মীৰ।

সেনাবাহিনীৰ গাড়ীৰ খুন্দাত নিহত হোৱা বনকৰ্মীজনৰ নাম জুৱেল সিং তেৰণ।

তীব্ৰ বেগী গাড়ীৰ খুন্দাত মৃত্যু হোৱা তেৰণ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কলিয়াবৰৰ অন্তৰ্গত বুঢ়াপাহাৰ বনাঞ্চলৰ ডিফলু বন শিবিৰত কৰ্মৰত আছিল।

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত স্কুটী লৈ জখলাবন্ধা অভিমুখে গৈ থকা অৱস্থাত কলিয়াবৰৰ ৰাঙলু অঞ্চলত দুর্ঘটনাত পতিত হয় বনকৰ্মী জন।

দুৰ্ঘটনা মৃত্যু হোৱা বনকৰ্মী জুৱেল সিং তেৰণ দ্বিতীয় অসম বন সুৰক্ষা বাহিনীৰ কৰ্মী আছিল।

Related News