NORTHEAST NOW (Assamese)
দেশ

ক্ষমা পৰম ধৰ্ম! প্ৰয়াত মাতৃক অপমান কৰা সত্ত্বেও যন্তৰ মন্তৰৰ প্ৰতিবাদকাৰীক ক্ষমা কৰি দিলে প্ৰধানমন্ত্ৰী মোদীয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 1, 2026 8:21 am
ক্ষমা পৰম ধৰ্ম! প্ৰয়াত মাতৃক অপমান কৰা সত্ত্বেও যন্তৰ মন্তৰৰ প্ৰতিবাদকাৰীক ক্ষমা কৰি দিলে প্ৰধানমন্ত্ৰী মোদীয়ে

ক্ষমা পৰম ধৰ্ম! আজিৰ হিংসাত্মক পৃথিৱীত এই বাণীৰ প্ৰয়োগ কিমান হয় সেয়া জনা নাযায়। কিন্তু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই মহান বাণীৰ আওৰাইছে।

শুক্ৰবাৰে নিশা ছাত্ৰ আৰু যুৱ সমাজলৈ দিয়া এক ভিডিঅ’ বাৰ্তাত তেওঁ কয় যে যন্তৰ মন্তৰত প্ৰতিবাদ কৰা লোকসকলে মোক আৰু লগতে মোৰ প্ৰয়াত মাতৃকো বহুত অপমান কৰিছে। কিন্তু মই তেওঁলোকক ক্ষমা কৰি দিছোঁ। কাৰোবাক অপমান কৰাটো কোনো সমাধান নহয়। গতিকে আহক, আমি সকলোৱে একেলগে ভাৰতৰ বাবে কাম কৰোঁ।

শুক্ৰবাৰে নিশা প্ৰায় আঢ়ৈ মিনিটৰ এই ভিডিঅ’ বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে বাৰে বাৰে ভুল শুধৰোৱাৰ কথা উল্লেখ কৰিছে। তেওঁ সোঁৱৰাই দিয়ে যে আন্দোলনৰ নামত একাংশ ছাত্ৰ আৰু যুৱ সমাজে যি অৰাজকতা সৃষ্টি কৰিছে সেয়া কেৱল ভুল বুজাবুজিৰ ফল। মোদীয়ে কয় যে কাৰোবাৰ ভুল পথ প্ৰদৰ্শনৰ বাবেই ছাত্ৰ-ছাত্ৰীসকল ভুল পথলৈ গৈছে। কিন্তু জীৱনে সেই ভুল শুধৰাই লোৱাৰ সুযোগ দিয়ে। সমাজত খং আৰু ক্ষোভ থকাটো অস্বীকাৰ কৰিব নোৱাৰি যদিও ইয়াৰ মাজতেই আমি আমাৰ ভৱিষ্যত প্ৰজন্মক সঠিক পথ দেখুৱাব লাগিব। সেয়া আমাৰ সকলোৰে দায়িত্ব। শাস্তি দি আঁতৰাই পঠিওৱাৰ সলনি পথভ্ৰষ্ট ল’ৰা-ছোৱালীক কাষলৈ টানি বুজাব লাগিব বুলিও তেওঁ মন্তব্য কৰে।

নিট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ প্ৰতিবাদত যোৱা প্ৰায় এমাহ ধৰি দিল্লীৰ যন্তৰ মন্তৰত তৰুণসকলৰ ককৰোচ জনতা পাৰ্টি নামৰ এটা গোটে প্ৰতিবাদ সাৱ্যস্ত কৰি আহিছে। ছাত্ৰ-ছাত্ৰীৰ এই প্ৰতিবাদৰ মাজত একাংশ সমাজবিৰোধী লোক সোমাই পৰিস্থিতি হিংসাত্মক কৰি তোলা বুলি দিল্লী আৰক্ষীয়ে অভিযোগ কৰিছে আৰু তেওঁলোকক আটক কৰাৰ প্ৰক্ৰিয়াও চলি আছে। এই আন্দোলনত এগৰাকী যুৱতীয়ে প্ৰধানমন্ত্ৰীৰ উদ্দেশ্যে কৰা বেয়া মন্তব্যক লৈ সকলোতে তীব্ৰ নিন্দা কৰা হৈছে। ইয়াৰ পিছতেই প্ৰধানমন্ত্ৰীয়ে এই বাৰ্তা দিয়ে।

মোদীয়ে কয় যে তেওঁলোকে মোৰ প্ৰয়াত মাতৃৰ প্ৰসংগ টানিও অপমান কৰিছে যদিও মই তেওঁলোকক ক্ষমা কৰি দিব বিচাৰোঁ। তেওঁ সমাজকো অনুৰোধ কৰে যাতে তেওঁৰ কথা শুনি এইসকলক ক্ষমা কৰি দিয়া হয়। দেশৰ উন্নতিত একেলগে কাম কৰাৰ বাবেও তেওঁ আহ্বান জনায়। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰীয়ে এইদৰে নিশা ভিডিঅ’ বাৰ্তা দিয়াৰ এয়া তৃতীয়টো ঘটনা আৰু বৰ্তমানৰ ছাত্ৰ আন্দোলনৰ সময়ত ই এক অতি তাৎপৰ্যপূৰ্ণ বিষয়।