NORTHEAST NOW (Assamese)

অধিনায়ক হিচাপে ৰিকি পইণ্টিং আৰু বিৰাট কোহলীৰ মাজত বহু সাদৃশ্য আছে : ব্ৰেট লী

July 29, 2020 7:57 am · এন ই নাও নিউজ

অষ্ট্ৰেলিয়ান ক্ৰিকেট দলৰ প্ৰাক্তন তাৰকা বেগী বলাৰ ব্ৰেট লীয়ে অধিনায়কত্বৰ প্ৰসংগত বিৰাট কোহলী আৰু ৰিকি পইণ্টিঙৰ মাজত যথেষ্ট সাদৃশ্য আছে বুলি মন্তব্য কৰে।

”তেওঁলোকৰ মাজত স্বভাৱজাত আগ্ৰাসী মনোভাৱ আছে, কিন্তু সেয়া প্ৰতিটো সময়ত যদিও বৰ দৰকাৰী নহয় তথাপি পইণ্টিঙে যিধৰণে আক্ৰামণাত্মক ফিল্ড সজাই মই একেধৰণে প্ৰতিচ্ছবি বিৰাট কোহলীৰ ক্ষেত্ৰতো দেখো,” ব্ৰেট লীয়ে কয়।

আনহাতে, বিৰাট কোহলীৰ নেতৃত্বত ভাৰতীয় দলৰ মানসিকতা আৰু আগ্ৰাসী মনোভাৱৰ যথেষ্ট পৰিৱৰ্তন ঘটিছে বুলিও ব্ৰেট লীয়ে কয়।

উল্লেখযোগ্য যে, নৱেম্বৰ মাহত বিৰাট কোহলীৰ নেতৃত্বত ভাৰতীয় ক্ৰিকেট দলে অষ্ট্ৰেলিয়া ভ্ৰমণলৈ যাব।

বিগত বৰ্ষৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত ভাৰতে অষ্ট্ৰেলিয়াৰ মাটিতে টেষ্ট শৃংখলা দখল কৰিবলৈ সক্ষম হৈছিল।

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে দীৰ্ঘদিন ক্ৰিকেটাৰ পথাৰৰ পৰা আতৰি থকা বিৰাট কোহলী আৰু ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈ সকল আই পি এলৰ মাধ্যমেৰে পুনৰ ক্ৰিকেটৰ মাজলৈ উভতি আহিব।

চলিত বৰ্ষৰ আই পি এল য়ু এ ইত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে।

 

Related News