NORTHEAST NOW (Assamese)

যুৱতীক ঘৰলৈ আনি যৌন ব্যৱসায়! প্ৰাক্তন মুখ্য সচিবৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ, নিলম্বিত আমোলা

October 27, 2022 5:41 pm · এন ই নাও নিউজ, গুৱাহাটী
প্ৰতিনিধিত্বমূলক ফটো।

Job-for-sex racket আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ প্ৰাক্তন মুখ্য সচিব জিতেন্দ্ৰ নাৰাইনৰ বিৰুদ্ধে তেওঁৰ ঘৰত যৌন ব্যৱসায় চলাই থকাৰ অভিযোগ উত্থাপিত হৈছে। মুখ্য সচিব হিচাপে তেওঁৰ কাৰ্যকালত যুৱতীকেইজনীক পোৰ্ট ব্লেয়াৰৰ ঘৰলৈ অনা হৈছিল বুলি অভিযোগ কৰা হৈছে।

এগৰাকী যুৱতীয়ে দাবী কৰিছে যে কমেও ২০গৰাকী মহিলাক আনি তেওঁলোকক যৌন ব্যৱসায়ত লিপ্ত কৰা হৈছিল। তেওঁ আনকি মুখ্য সচিব আৰু আন্দামান চৰকাৰৰ আন এজন জ্যেষ্ঠ বিষয়াৰ বিৰুদ্ধে দলবদ্ধ ধৰ্ষণ আৰু যৌন নিৰ্যাতনৰ অভিযোগো উত্থাপন কৰিছে।

লগতে পঢ়ক: তেলেংগানাতো ‘অপাৰেচন লোটাছ’; গাইপতি ৫০ কোটি দি ৪ জন টিআৰএছ বিধায়কক ক্ৰয়ৰ চেষ্টা!

২১ বছৰীয়া যুৱতীগৰাকীয়ে জিতেন্দ্ৰ আৰু আন্দামানৰ শ্ৰম আয়ুক্ত আৰ এল ঋষিকো গোচৰটোত অভিযুক্ত কৰিছে। তেওঁ জনাইছে যে তেওঁ কাম বিচাৰি আছিল। এজন হোটেলৰ মালিকে তেওঁক ঋষিৰ সৈতে যোগাযোগ কৰাই দিছিল। ঋষিয়ে তেওঁক জিতেন্দ্ৰৰ ঘৰলৈ লৈ গৈছিল বুলি অভিযোগ কৰা হৈছে।

তাত তেওঁক তাত সুৰাপান কৰিবলৈ দিয়া হৈছিল যদিও তেওঁ মান্তি হোৱা নাছিল। ইয়াৰ পিছত যুৱতীগৰাকীক চৰকাৰী চাকৰিৰ প্ৰতিশ্ৰুতি দি অশালীন ব্যৱহাৰ কৰা হৈছিল বুলি অভিযোগ কৰা হৈছে। তেওঁ দুয়োৰে বিৰুদ্ধে যৌন নিৰ্যাতন কৰাৰ অভিযোগ উত্থাপন কৰিছে।

লগতে পঢ়ক: ইউক্ৰেইনক ৪০০ ইৰাণী ড্ৰোনেৰে আক্ৰমণ ৰাছিয়াৰ! দাবী জেলেনস্কিৰ

মহিলাগৰাকীয়ে লগতে কৈছে যে দুসপ্তাহ পূৰ্বে তেওঁক পুনৰ একে ধৰণৰ ব্যৱহাৰ কৰা হৈছে। তেওঁ চাকৰিও পোৱা নাছিল। ইয়াৰ বিপৰীতে যুৱতীগৰাকীক ভাবুকি দিয়া হৈছিল যাতে ঘটনাটো ফাদিল নহয়। অভিযোগৰ পিছত জিতেন্দ্ৰ আৰু ঋষিক গ্ৰেপ্তাৰ কৰা হৈছে। জীতেন্দ্ৰক ১৪ নৱেম্বৰলৈকে অন্তৱৰ্তীকালীন জামিন দিয়া হৈছে। ঋষিৰ জামিনৰ আবেদন নাকচ কৰা হৈছে।

বাতৰি অনুসৰি, তদন্তৰ সময়ত আৰক্ষীয়ে প্ৰাপ্ত কৰা ফোন কলৰ ৰেকৰ্ড যুৱতীগৰাকীৰ ভাষ্যৰ সৈতে মিলিছে। বিতৰ্কৰ মাজতে জিতেন্দ্ৰ আৰু ঋষিক ১৭ অক্টোবৰত চাকৰিৰ পৰা নিলম্বিত কৰা হয়।

লগতে পঢ়ক: মন্ত্ৰীৰ পত্নী প্ৰেম :: ঋষি সুনাক বিত্তমন্ত্ৰী হৈ থকাৰ সময়ত আৱাসিক কৰ ৰেহাই দিয়া হৈছিল বিলিয়নাৰ পত্নী অক্ষতাক

জিতেন্দ্ৰক যোৱা জুলাই মাহত পোৰ্ট ব্লেয়াৰৰ পৰা দিল্লীলৈ বদলি কৰা হৈছিল। তেওঁ দিল্লীলৈ যোৱাৰ সময়ত তেওঁৰ ঘৰৰ চিচিটিভি ফুটেজো মচি পেলোৱা হৈছিল। অৱশ্যে আন্দামানৰ প্ৰাক্তন মুখ্য সচিবে তেওঁৰ বিৰুদ্ধে থকা সকলো অভিযোগ অস্বীকাৰ কৰিছে। তেওঁ দাবী কৰিছে যে তেওঁৰ বিৰুদ্ধে এটা ডাঙৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে। তেওঁ দাবী কৰিছে যে যিটো তাৰিখত তেওঁৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ অনা হৈছে সেই দিনটোত তেওঁ পোৰ্ট ব্লেয়াৰতে নাছিল।

Related News