NORTHEAST NOW (Assamese)

বিজেপি চৰকাৰৰ সুমতি কামনা কৰি মেজি জ্বলালে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে

January 15, 2019 11:01 am · অনিৰ্বাণ পাঠক

আজি সমগ্ৰ ৰাজ্যবাসীৰ লগতে কংগ্ৰেছ দলৰ নেতা-কৰ্মীয়েও ল’লে মেজিৰ উত্তাপ। দিচপুৰৰ মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত অসম প্ৰদেশ কংগ্ৰেছ কমিতিয়ে আয়োজন কৰা ভোগালী বিহুৰ অনুষ্ঠানত সমাজৰ মংগল কামনা তথা বিজেপি নেতৃত্বাধীন চৰকাৰৰ সুমতি বিচাৰি মেজি জ্বলালে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে।

মাঘ বিহুৰ দোমাহীৰ দিনা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি অসমৰ ৰাইজৰ লগত থকাৰ প্ৰতিশ্ৰুতি দিয়ে প্ৰাক্তন মুখ্য মন্ত্ৰীজনে।

তেওঁ কয়, “মেজিৰ জুইয়ে সকলো অপশক্তি নাশ কৰি বিজেপি চৰকাৰৰ লগতে অসমৰ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনক সুমতি দিয়ক”।

ইয়াৰ উপৰি গগৈয়ে অসমৰ ৰাইজক বিহুৰ শুভেচ্ছা জনাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আন্দোলন অব্যাহত ৰাখিবলৈ আহ্বান জনায়। বিধেয়কৰ বিৰুদ্ধাচৰণ কৰা সকলো পক্ষৰ লগতে তেওঁ আৰু তেওঁৰ দল কংগ্ৰেছ সদায় থাকিব বুলিও কয়।

ইপিনে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে বিধেয়কখনক লৈ ‘কংগ্ৰেছে পাভলুটি মাৰিব পাৰে’ বুলি কোৱা মন্তব্যৰ বিৰোধিতা কৰাৰ লগতে ভৱিষ্যতে তেনেধৰণৰ কথা নক’বলৈ সকীয়াই দিয়ে।

মেজি জ্বলোৱা অনুষ্ঠানত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, বিধায়ক ৰেকিবুদ্দিন আহমেদকে ধৰি ভালেসংখ্যক নেতা-কৰ্মী উপস্থিত থাকে।

Related News