NORTHEAST NOW (Assamese)
অসম

দেশৰ মুখ্য ন্যায়াধীশৰ কাষলৈ তৰুণ গগৈ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া September 3, 2019 3:48 pm
CJI Ranjan Gogoi Assam NRC: AASU files petition at SC

তৰুণ গগৈ বুধবাৰে ভাৰতৰ মুখ্য ন্যায়াধীশৰ কাষ চাপিব।

অসমৰ এন আৰ চিত অসুখী প্ৰাক্তন মুখ্য মন্ত্ৰীজনে বিষয়টোত চৰকাৰ আৰু উচ্চতম ন্যায়ালয়ৰ ভূমিকাৰ পাৰ্থক্য সম্পৰ্কে স্পষ্ট হোৱাৰ বাবে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ কাষলৈ যাব।

এন আৰ চিক লৈ অসমত হোৱা অসন্তুষ্টি অভূতপূৰ্ব বুলি উল্লেখ কৰি গগৈয়ে কয় যে বিষয়টোত মুখ্য ন্যায়াধীশৰ নাম সাঙোৰ খাইছে, কিন্তু চৰকাৰৰ ভূমিকাহে মূল।

“ইমান ভুল হ’ল কিয়? (মুখ্য ন্যায়াধীশ) ৰঞ্জন গগৈক আবেদন কৰিম, আপোনাৰ নিৰ্দেশমতে হৈছে নে? আপুনি ইয়াত সন্মতনে কওক। উচ্চতম ন্যায়ালয়ে আদেশ দিব পাৰে, কিন্তু ৰাজ্য চৰকাৰহে মূল,” মঙলবাৰে গুৱাহাটীত সংবাদমেলত গগৈয়ে কয়।

এন আৰ চি-পৰৱৰ্তী কালত অসমত চাৰিওফালে প্ৰতিবাদৰ জোৱাৰ উঠা বুলি উল্লেখ কৰি প্ৰাক্তন মুখ্য মন্ত্ৰীজনে এই পৰিস্থিতিৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক পোনপটীয়াকৈ জগৰীয়া কৰিছে।

“এই প্ৰতিবাদ কেৱল এটা শ্ৰেণীতে সীমাবদ্ধ নহয়। সকলো শ্ৰেণীৰ মানুহেই ক্ষোভ প্ৰকাশ কৰিছে। এনে ক্ষোভ প্ৰকাশ আগতে হোৱা নাছিলে। অসম চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰে গুৰুত্ব নিদিয়াৰ ফলত আজি এনে এটা অৱস্থাৰ সৃষ্টি হৈছে। ফলত ভাৰতীয় বহু নাগৰিক দিনে-নিশাই দুঃশ্চিন্তাৰ মাজত থাকিবলগীয়া হৈছে,” গগৈয়ে কয়।

এন আৰ চিক লৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহকো গগৈয়ে প্ৰশ্ন কৰিছে।

গগৈয়ে কয়, “অমিত শ্বাহ এতিয়া কিয় মনে মনে আছে? আজি তেওঁ credit ল’ব নে discredit ল’ব? মই হ’লে discredit দিছো।”

ভাৰতৰ শেহতীয়া লোকসভা নিৰ্বাচনত দেশৰ বিভিন্ন ঠাইৰ প্ৰচাৰ সভাত অমিত শ্বাহে অসমৰ এন আৰ চিৰ কথা উল্লেখ কৰিছিল।

গগৈয়ে এন আৰ চি উন্নীতকৰণৰ ক্ষেত্ৰত নিজৰ মুখ্য মন্ত্ৰিত্বৰ কালকো সাঙুৰি সাধাৰণভাৱে বৰ্তমানৰ অসম চৰকাৰ বিশেষকৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰিছে।

“হিমন্ত বিশ্ব শৰ্মাৰ এন আৰ চিৰ ওপৰত মাত মতাৰ কোনো অধিকাৰ নাই। যদি নোৱাৰা, তেনেহ’লে বাদ দিয়া। মই ফে’ল হ’লো বুজিলোঁ, কিন্তু তোমালোকে ১৬শ কোটি টকা খৰচ কৰি দুগুণ ফে’ল মাৰিলা,” গগৈয়ে কয়।

গগৈয়ে লগতে প্ৰশ্ন কৰে, “যাৰ দোষৰ কাৰণে লাখ লাখ ভাৰতীয়ক বিদেশী সজোৱা হ’ল সেইসকলৰ শাস্তি হ’ব নে নাই?”

এন আৰ চিত “হিন্দু মানুহৰ নাম কাট খাব বুলি মই আগতেই কৈছিলো” বুলি উল্লেখ কৰি গগৈয়ে এইক্ষেত্ৰতো মন্ত্ৰী শৰ্মাক সমালোচনা কৰিছে।

“হিমন্ত বিশ্ব শৰ্মাই কৈছিল দুৰ্গা পূজা, কালী পূজা কৰিলেই তেওঁলোক বিদেশী নহয়। কিন্তু হিমন্তৰ কথা শুনি পূজা কৰাবোৰে এতিয়া ফল পাইছে,” “অসমৰ মানুহক হিমন্তই বুৰ্বক সজাইছে” বুলি উল্লেখ কৰি গগৈৰ মন্তব্য।

প্ৰতি সংবাদমেলতে প্ৰাক্তন কনিষ্ঠ সতীৰ্থ মন্ত্ৰী শৰ্মাক টানি অনা গগৈয়ে মঙলবাৰেও পুনৰ “মুখ্য মন্ত্ৰিত্ব” বিষয়টোক লৈ তেওঁক সমালোচনা কৰিছে।

প্ৰাক্তন মুখ্য মন্ত্ৰীজনৰ মতে, মুখ্য মন্ত্ৰীৰ আসনখনক কেন্দ্ৰ কৰি হিমন্ত-সোণোৱালৰ শীতল যুদ্ধ চলি আছে আৰু “এই দুজনৰ বাবেই ইমান বোৰ মানুহ মৰিলে।”

“হিমন্তই মুখ্য মন্ত্ৰী হ’বলে বিচাৰি আছে আৰু সোণোৱালে গাদী এৰিব নিবিচাৰে,” গগৈয়ে কয়।

গগৈৰ মতে, তেওঁ ইমান চতুৰ চালাক নহয় বাবে হিমন্ত বিশ্ব শৰ্মাই “মেডিচিন” খুৱাব পাৰিছিল কিন্তু মুখ্য মন্ত্ৰী “সোণোৱাল চালাক, তেওঁক এই মেডিচিন খুৱাব নোৱাৰে।”

লগতে পঢ়ক– “আগৰ পৰাই কৈ আছিলো পেলনীয়া কাগজ হ’ব”, এন আৰ চিত অসুখী তৰুণ গগৈ

শনিবাৰে প্ৰকাশিত অসমৰ চূড়ান্ত এন আৰ চিত মুঠ ৩,১১,২১,০০৪ গৰাকী লোকৰ নাম সন্নিৱিষ্ট হৈছে।

দাবী আৰু আপত্তি দাখিল নকৰাসকলকে ধৰি মুঠ ১৯,০৬,৬৫৭ গৰাকী লোকৰ নাম এন আৰ চিৰ পৰা বাদ পৰিছে।

এন আৰ চি নাগৰিকৰ পঞ্জী, বিদেশী ঘোষণাৰ আইনী কাৰবাৰ ইয়াৰ আওতাত নাই।

২০১৭ চনৰ ৩১ ডিচেম্বৰত প্ৰকাশিত এন আৰ চিৰ প্ৰথম খচৰাত ৩.২৯ কোটি আবেদনকাৰীৰ ভিতৰত ১.৯৪ কোটি লোকৰ নাম অন্তৰ্ভুক্ত হৈছিল।