NORTHEAST NOW (Assamese)

নৰ্থ-ইষ্ট য়ুনাইটেড এফ চিৰ মুখ্য প্ৰশিক্ষকৰ ৰূপত ৰবাৰ্ট জৰ্নি

August 6, 2019 8:04 am · এন ই নাও নিউজ
নৰ্থ-ইষ্ট য়ুনাইটেডৰ নৱ নিযুক্ত প্ৰশিক্ষক ৰবাৰ্ট জৰ্নি

আগন্তুক ইণ্ডিয়ান ছুপাৰ লীগ চমুকৈ আই এছ এল ছীজনৰ বাবে নৰ্থ-ইষ্ট য়ুনাইটেড এফ চিয়ে ক্ৰ’ৱেচিয়াৰ বিশ্বকাপৰ ব্ৰঞ্জ জয়ী ফুটবলাৰ ৰবাৰ্ট জৰ্নিক মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিছে।

পূৰ্বতে ৰবাৰ্টে য়ুৰোপৰ আগশাৰীৰ ফুটবল ক্লাব হেজডুক স্প্লিট, পুছকছ একাডেমিয়া এফ চি, পেকাৰ্ছ মেকছেক এফ চি আৰু ফুটবলস্কি ক্লাব ছাৰাজেভ’ক প্ৰশিক্ষণ দিছিল।

ইয়াৰ উপৰি নৱ নিযুক্ত প্ৰশিক্ষক গৰাকীয়ে পৃথিৱীৰ শ্ৰেষ্ঠ ক্লাব সমূহৰ অন্যতম ৰিয়েল মাদ্ৰিদ, জুভেণ্টাছ, ৰিয়েল বেটিছ আৰু হেজডুক স্প্লিটৰ হৈ খেলাৰ অভিজ্ঞতাৰে পৰিপুষ্ট।

উল্লেখ্য যে ৰবাৰ্ট ক্ৰ’ৱেচিয়া অনূৰ্ধ্ব ১৯ আৰু ২০ দলৰ মুখ্য প্রশিক্ষক হিচাপেও দায়িত্ব পালন কৰিছিল।

নৰ্থ-ইষ্ট যুনাইটেডে ২০১৮-১৯ বর্ষৰ হিৰ’ আই এছ এলত দুৰ্দান্ত প্ৰদৰ্শনৰ আঁৰত থকা প্ৰশিক্ষক এলকো স্কেট’ৰিয়ে আগন্তুক ছিজনৰ বাবে কেৰালা ব্লাষ্টাৰ্ছত যোগ দিয়াত প্ৰশিক্ষকৰ পদটো খালী হৈ পৰিছিল। আৰু সেয়ে সোমবাৰে ক্লাব কৰ্তৃপক্ষই ৰবাৰ্ট জৰ্নিক নিযুক্তি দিয়ে।

Related News