NORTHEAST NOW (Assamese)

ঠেঁটুৱৈ লগা জাৰত কঁপি ফুটপাথতে দিন কটাইছে দেশৰ হৈ খেলা প্ৰাক্তন হকী খেলুৱৈয়ে

December 30, 2019 12:37 pm · এন ই নাও নিউজ
Updated: December 30, 2019 12:40 pm
ফটো উৎস: ছচিয়েল মিডিয়া

এসময়ত ভাৰতীয় দলৰ হৈ হকী খেলা খেলুৱৈগৰাকীয়ে হয়তো সপোনতো ভবা নাছিল যে জীৱনলৈ তেওঁৰ এনেকুৱা এটা দিনো আহিব পাৰে।

হাড় কঁপোৱা জাৰত দিল্লীৰ ফুটপাথত অত্যন্ত কঠিন দিন পাৰ কৰিছে প্ৰাক্তন খেলুৱৈগৰাকীয়ে।

ছচিয়েল মিডিয়াত খেলুৱৈগৰাকীৰ পৰিচয় পোহৰলৈ অহাৰ পাছতে এতিয়া ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজিজু আৰু বলীউদৰ তাৰকা অমিতাভ বচ্চন সহায়ৰ বাবে আগবাঢ়ি আহিছে।

খেলুৱৈগৰাকীৰ ফটো ইতিমধ্যে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। জানিব পৰা মতে, খেলুৱৈগৰাকীৰ নাম অমৰজিৎ সিং।

তেওঁ জুনিয়ৰ হকীত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। খেলৰ সুবাদতে তেওঁ লণ্ডন আৰু জাৰ্মানীতো কেইবছৰমান কটাইছিল।

কিন্তু এতিয়া এই খেলুৱৈগৰাকী দিল্লীৰ পাহাৰগঞ্জ অঞ্চলত কোনো মতে জীৱন নিৰ্বাহ কৰি আছে।

অৱশ্যে, খেলুৱৈগৰাকীৰ সম্পৰ্কত এতিয়াও অধিক তথ্য লাভ কৰিব পৰা হোৱা নাই। ছচিয়েল মিডিয়াৰ প’ষ্ট দেখাৰ পাছত ক্ৰীড়া মন্ত্ৰী ৰিজিজুৱে সহায়ৰ আশ্বাস দিছে।

তেওঁ টুইটাৰত লিখিছে: ‘’ছচিয়েল মিডিয়াৰ জৰিয়তে নিৰন্তৰ কৈ এইটো কৈ আহিছো যে যিকোনোৱে যি বাস্তৱত ভাৰতৰ হৈ খেলিছে আৰু এতিয়া যদি দুৰ্ভাগ্যজনক অৱস্থাত আছে তেতিয়াহ’লে তেওঁক বিত্তীয় সাহায্য দিয়া হ’ব। তেওঁৰ ঠিকনা বিচাৰি পালে আমি নিশ্চয় সহায় কৰিম।‘’

ইপিনে, অমিতাভ বচ্চনেও টুইট কৰি এই খেলুৱৈগৰাকীক সহায় কৰাৰ ইচ্ছা ব্যক্ত কৰিছে। তেওঁ লিখিছে:’’এইটো সম্ভৱ হ’বনে যে তেওঁৰ ঠিকনা লাভ কৰিব পাৰে যাতে তেওঁক ক’ত আৰু কেনেকৈ সহায় আগবঢ়াব পৰা যায়।‘’

Related News