NORTHEAST NOW (Assamese)

দিল্লীৰ হিংসা: আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে জৱহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ওমৰ খালিদক

September 14, 2020 11:59 am · এন ই নাও নিউজ

চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত উত্তৰ-পূব দিল্লীত ‘কা’ বিৰোধী আন্দোলনৰ সময়ত সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীৰ বিশেষ শাখাই দিল্লীৰ জৱহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ওমৰ খালিদক গ্ৰেপ্তাৰ কৰিছে।

১১ ঘণ্টা ধৰি জেৰা চলোৱাৰ অন্তত আৰক্ষীয়ে খালিদক গ্ৰেপ্তাৰ কৰে।

খালিদৰ বিৰুদ্ধে আৰক্ষীয়ে জনতাক হিংসাত্মক কাৰ্যত লিপ্ত হব’লৈ উচটনি দিয়াৰ অভিযোগ উত্থাপন কৰিছে।

বিশেষকৈ মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প ভাৰতলৈ আহোতে ওমৰ খালিদে মানুহক ৰাজপথলৈ ওলাই আহি হিংসাত জৰিত হ’বলৈ উচটনি দিয়া বুলি আৰক্ষীয়ে কৈছে।

ইপিনে ‘কা’ বিৰোধী আন্দোলনৰ সময়ত দিল্লীত সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীয়ে কালি অভিযোগনামা দাখিল কৰিছে।

লক্ষ্যণীয় ভাবে আৰক্ষীয়ে দাখিল কৰা অভিযোগনামাত ২৩-২৬ ফেব্ৰুৱাৰীৰ ভিতৰত উত্তৰ-পূৱ দিল্লীত সংঘটিত হিংসাত্মক ঘটনাত জৰিত বুলি নাম উল্লেখ কৰা হৈছে চিপিএমৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰী, স্বৰাজ অভিযানৰ নেতা যোগেন্দ্ৰ যাদৱ, দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপক অপূৰ্বানন্দ, বিশিষ্ট অৰ্থনীতিবিদ জয়তী ঘোষ, তথ্য চিত্ৰ নিৰ্মাতা ৰাহুল ৰয় আদিৰ নাম।

এইসকল ব্যক্তিয়ে উত্তৰ-পূব দিল্লীত ‘কা’ বিৰোধী আন্দোলনৰ সময়ত আন্দোলনকাৰীসকলক হিংসাত জৰিত হ’বলৈ উচটনি দিয়াৰ অভিযোগ কৰা হৈছে।

ইতিমধ্যে দিল্লীৰ হিংসাত্মক ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীয়ে অসমৰ ছাত্ৰী দেৱাংগনা কলিতাৰ লগতে আন কেইবাগৰাকীও লোকক গ্ৰেপ্তাৰ কৰিছে।

ইপিনে অভিযোগনামাত সীতাৰাম য়েচুৰীৰ দৰে লোকৰ নাম সন্নিবিষ্ট কৰাৰ আঁৰত বিজেপি চৰকাৰৰ ষড়যন্ত্ৰ নিহিত থকা বুলি অভিযোগ কৰিছে কংগ্ৰেছকে ধৰি তৃমমূল কংগ্ৰেছ আৰু অন্যান্য বিৰোধী দলে।

কংগ্ৰেছৰ নেতা জয়ৰাম ৰমেশে এই প্ৰসংগত মন্তব্য কৰি কয় যে সীতাৰাম য়েচুৰীৰ দৰে লোকসকল ক্ষমতাত থকা স্বাৰ্থপৰ সকলতকৈ অধিক দেশভক্ত।

Related News