NORTHEAST NOW (Assamese)

বন্ধ আছিল বেংগালুৰু, চৰকাৰী বাছত উঠি ঘৰলৈ উভতিল দেশৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ

September 12, 2023 8:59 am · এন ই নাও নিউজ, গুৱাহাটী

বেংগালুৰু বন্ধ আছিল। নাছিল কোনো ব্যক্তিগত যান-বাহনৰ চলাচল। প্ৰাক্তন ভাৰতীয় তাৰকা ক্ৰিকেটাৰ তথা প্ৰশিক্ষক অনিল কুম্বলে বিমানবন্দৰত নামি চৰকাৰী বাছেৰে ঘৰলৈ উভতি আহিবলগীয়া হ’ল।

উল্লেখ্য যে কৰ্ণাটক ৰাজ্যিক ব্যক্তিগত পৰিবহণ নিগমে সোমবাৰে বেংগালুৰুত ধৰ্মঘটৰ আহ্বান জনাইছিল। প্ৰশাসনৰ ওচৰত এলানি দাবীৰে বন্ধৰ আহ্বান দিছিল। ভাড়া বৃদ্ধিৰ পৰা আৰম্ভ কৰি যান-বাহন আৰক্ষীৰ অত্যাচাৰৰ বিৰুদ্ধেও প্ৰতিবাদ সাব্যস্ত কৰিছে।

লগতে পঢ়ক: নখ-দন্তহীন বলিং শ্বাহীন বাহিনীৰ! বিৰাট-ৰাহুলৰ দুৰ্দান্ত শতক, কুলদীপৰ পাঁচ উইকেট; বিধ্বস্ত পাকিস্তান

জানিব পৰা মতে. সোমবাৰে বেংগালুৰুত কোনো ব্যক্তিগত বাছ, টেক্সি, অটো চলাচল কৰা নাছিল। এনে পৰিস্থিতিত কুম্বলে বেংগালুৰু বিমানবন্দৰত নামি বেংগালুৰু পৌৰনিগমৰ বাছত উঠি ঘৰলৈ উভতি আহে।

কুম্বলে ছ’চিয়েল মিডিয়াত অফিচিয়েল বাছ যাত্ৰাৰ ছবিও প্ৰকাশ কৰিছে। লগতে তেওঁ লিখিছে, “বিমানবন্দৰৰ পৰা বেংগালুৰু পৌৰনিগমৰ বাছত উঠি ঘৰলৈ উভতিলোঁ।”

ছবিখনৰ পৰা স্পষ্ট হৈ পৰিছে যে এয়া এখন এচি ভলভো বাছ। কুম্বলে বাছৰ হেণ্ডেলত ধৰি আছে। কুম্বলে পোষ্ট কৰা ছবিখন ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

Related News