• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নখ-দন্তহীন বলিং শ্বাহীন বাহিনীৰ! বিৰাট-ৰাহুলৰ দুৰ্দান্ত শতক, কুলদীপৰ পাঁচ উইকেট; বিধ্বস্ত পাকিস্তান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 12, 2023 7:58 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ হাতত বিধ্বস্ত পাকিস্তান। বৰষুণৰ ফলত দুদিনীয়া খেলখনত ভাৰতে বৃহৎ ২২৮ ৰানত জয়লাভ কৰিছে। কলম্বোৰ প্ৰেমদাছা ষ্টেডিয়ামত বিৰাট কোহলী আৰু কে এল ৰাহুলৰ দৃষ্টিনন্দন দুটা শতক। ভাৰতে নিজৰ বেটিঙেৰে ৰানৰ পাহাৰ গঢ়ি তুলিছিল। নিৰ্ধাৰিত অভাৰত ২টা উইকেট হেৰুৱাই বিশাল ৩৫৬ ৰান সংগ্ৰহ কৰে টীম ইণ্ডিয়াই।

বাবৰৰ দলটোৱে এই বৃহৎ ৰাণ অনুসৰণ কৰি আৰম্ভণিতে উজুটি খাইছিল। ৩২ অভাৰত ১২৮ ৰান সংগ্ৰহ কৰি পাকিস্তানৰ ইনিংছ সমাপ্ত হয়। এদিনীয়া ক্ৰিকেটত পাকিস্তানৰ বিৰুদ্ধে এয়া অভিলেখ জয়। ইয়াৰ লগে লগে ভাৰতে একেৰাহে চাৰিখন ৫০ অভাৰৰ মেচত পাকিস্তানত পৰাস্ত কৰে।

মঙলবাৰে শ্ৰীলংকাৰ বিৰুদ্ধে খেলত নমাৰ পূৰ্বে টীম ইণ্ডিয়াই দুটা গুৰুত্বপূৰ্ণ পইণ্ট লাভ কৰে। টীম মেনেজমেন্টৰ লক্ষ্য আছিল বিশ্বকাপৰ পূৰ্বে শ্ৰেষ্ঠ কম্বিনেচন বাছি লোৱা। একে সময়তে ৰাহুল দ্ৰাবিড়ে আঘাতৰ পৰা সদ্য সুস্থ হৈ উঠা কে এল ৰাহুলৰ ফিটনেছ পৰীক্ষা কৰিব বিচাৰিছিল।

Apply Now

পাকিস্তানৰ খেলখনত আটাইতকৈ ডাঙৰ লাভ ৪ নম্বৰত নমা ৰাহুলৰ শতক। তেওঁ ১০৬টা বলত ১১১ ৰান সংগ্ৰহ কৰে। ক্ৰীজত ৩২ অভাৰ কটোৱাৰ পিছত গ্ল’ভছ পিন্ধি উইকেটৰ পিছফালেও দেখা পোৱা গ’ল ৰাহুলক। আনকি ঈশান কিষান দলত থকাৰ সময়তো তেওঁ উইকেট কীপিং কৰিলে ৰাহুলে।

বিশ্বকাপত ৰাহুলক কেনেদৰে ব্যৱহাৰ কৰা হ’ব সেয়া মেনেজমেণ্টে চাব বিচাৰে। বিৰাট কোহলীৰ শতক আছিল অতিৰিক্ত বিশেষ বৰঙণি। ৯৪টা বলত ৩টা ছয় আৰু ৯টা চাৰিৰ সৈতে ১২২ ৰানত অপৰাজিত থাকে কিং কোহলী।

আটাইতকৈ কম মেচ খেলি বেটছমেন হিচাপে ১৩ হাজাৰ ৰানৰ ক্লাবত প্ৰৱেশ কৰে কোহলীয়ে। ভংগ কৰিলে শচীন তেণ্ডুলকাৰৰ অভিলেখ। একে সময়তে এদিনীয়া ক্ৰিকেটত ৪৭তম শতক অৰ্জন কৰে। মাষ্টাৰ ব্লাষ্টাৰতকৈ এতিয়া মাত্ৰ দুটা কম।

ছুপাৰ ফোৰৰ মেচত বাবৰ আজমে টছত জয়ী হৈ ভাৰতক বেটিং কৰিবলৈ প্ৰেৰণ কৰে। ভাৰতীয় দলত দুটা পৰিৱৰ্তন ঘটিছিল। মহম্মদ ছামীৰ ঠাইত পুনৰ দললৈ ঘূৰি আহিছে যশপ্ৰীত বুমৰাহ। পিঠিৰ আঘাতৰ বাবে খেলিব নোৱাৰিলে শ্ৰেয়াছ আয়াৰে। তেওঁৰ সলনি কে এল ৰাহুলে দললৈ উভতি আহে।

আৰম্ভণিতে ৰোহিত শৰ্মাক কিছু অস্বস্তিত পৰা যেন লাগিছিল। নাছিম শ্বাহৰ বলত তেওঁ কিছু বিপদত পৰিছিল। বৰঞ্চ শুভমন গিলে উইকেটৰ আনটো মূৰত বহুত বেছি সাৱলীল আছিল। ভাৰতীয় অ’পেনাৰ গৰাকীয়ে শ্বাহীন আফ্ৰিদিৰ দুটা অভাৰত তিনিটাকৈ চাৰি মাৰি পাকিস্তানৰ এক নম্বৰ বলাৰৰ ছন্দ ধ্বংস কৰে।

গ্ৰুপ পৰ্যায়ৰ আৰম্ভণিৰ খেলত ৰোহিত আৰু বিৰাটক আউট কৰিছিল যদিও এইখন খেলত প্ৰথম স্পেলত আফ্ৰিদী ব্যৰ্থ হয়। শ্বাহীনে ৩ অভাৰত ৩১ ৰান দিয়ে। অস্বস্তিৰ পৰা ওলাই আহিবলৈ বেছি সময় নালাগিল ৰোহিতৰ। বহুদিনৰ মূৰত সেই পুৰণি হিটমেনৰ ছন্দ দেখা গ’ল। কপিবুক শ্বটৰ লগতে দৰ্শনীয় ছয়বোৰ। ৪৯টা বলত ৪টা ছয় আৰু ৬টা চাৰিৰ সহায়ত ৰোহিতে ৫৬ ৰান সংগ্ৰহ কৰে।

ভাৰতে ১২১ ৰানত প্ৰথম উইকেট হেৰুৱাইছিল। দলৰ নেতা হিচাপে ঘূৰি অহাৰ পিছত গিলেও বেছি সময় টিকি নাথাকিল। গিল ৫২টা বলত ৫৮ ৰান সংগ্ৰহ কৰি আউট হয়। তেওঁৰ ইনিংছত আছিল ১০টা চাৰি। ১২৩ ৰানত দ্বিতীয় উইকেট হেৰুৱায় ভাৰতে।

বাকীবোৰ ইতিহাস। তৃতীয় উইকেটত কোহলী-ৰাহুলৰ যুটিয়ে ২৩৩ ৰান সংযোজন কৰে। যিটো এছিয়া কাপত ভাৰতীয় যিকোনো পাৰ্টনাৰশ্বিপৰ অভিলেখ। দেওবাৰে এই যুটিটোৱে সাৱধানে আৰম্ভ কৰে। কিন্তু ভাৰতৰ দুই তাৰকা বেটছমেনে সোমবাৰে ৰিজাৰ্ভ ডে’ত নিজৰ সৰ্বোত্তম প্ৰদৰ্শন কৰে।

আঘাতৰ পৰা সুস্থ হৈ উঠাৰ পাছত ৰাহুলে সমালোচকক এক যোগ্য উত্তৰ দিলে। ১০৬ বলত ১১১ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে। তেওঁ ইনিংছত আছিল ২টা ছয়, ১২টা চাৰি। এদিনীয়াত এইটো তেওঁৰ ষষ্ঠ শতক। এই দুজনৰ দমনেৰে ২ উইকেটৰ বিনিময়ত ৩৫৬ ৰানেৰে খেলখন শেষ কৰে ভাৰতে।

বিজয়ৰ বাবে ৰান অনুসৰণৰ আৰম্ভণিতে পাকিস্তানে উইকেট হেৰুৱাইছিল। কোনো পাৰ্টনাৰশ্বিপ গঢ়ি উঠা নাছিল। তাৰ মূল্য ভৰিবলগীয়া হ’ল পাকিস্তানে। তদুপৰি, আৰম্ভণিৰে পৰাই বৃহৎ ৰাণ অনুসৰণ কৰি নেগেটিভ বেটিং। যিয়ে ভাৰতীয় বলাৰক অধিক সুবিধা কৰি দিয়ে। ফকৰ জামানৰ বেটৰ পৰা আহে সৰ্বোচ্চ ৰান। তেওঁ ৫০টা বলত ২৭ ৰান সংগ্ৰহ কৰে।

 

একেবাৰে চিনাকি ছন্দত নাছিল পাক অ’পেনাৰ। হাৰ্দিক পাণ্ডিয়াৰ দুৰ্দান্ত ইনছুইংগাৰে বাবৰ আজমক ক্লী বল্ড কৰে। পাকিস্তানৰ অধিনায়কজনে বলটোৰ লেংথ বুজি নাপালে। বাকী ক্ৰেডিট যায় কুলদীপ যাদৱলৈ। ৰাহুলৰ দৰে জাতীয় দলত নিখুঁত কামবেক যাদৱৰ। বাওঁ হাতৰ ৰিষ্ট স্পিনাৰগৰাকীয়ে ৮ অভাৰ বলিং কৰি ২৫ ৰানত ৫ উইকেট দখল কৰে।

কুলদীপে এককভাৱেই বখলিয়াই পেলালে পাকিস্তানৰ মিডল অৰ্ডাৰ। কোনোজন বেটছমেনে প্ৰতিৰোধ আগবঢ়াব নোৱাৰিলে। আঘাতৰ বাবে নসীম শ্বাহ আৰু হেৰিছ ৰাউফে বেটিং কৰিবলৈ নামি নহাত পাকিস্তানৰ ইনিংছ ৩২ অভাৰত ১২৮ ৰানেৰে সমাপ্ত হয়। কিন্তু পাকিস্তানে বিশ্বৰ এক নম্বৰ দলৰ দৰে খেলাত একেবাৰে ব্যৰ্থ হ’ল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নকআউট পৰ্যায়ৰ কঠিন যুঁজৰ পূৰ্বে ৰোনাল্ডোৰ আহ্বান: “আমাক ঘৰৰ খেলপথাৰত খেলাৰ দৰে অনুভৱ কৰাওক”

নকআউট পৰ্যায়ৰ কঠিন যুঁজৰ পূৰ্বে ৰোনাল্ডোৰ আহ্বান: “আমাক ঘৰৰ খেলপথাৰত খেলাৰ দৰে অনুভৱ কৰাওক”

July 2, 2026 1:30 pm
ছিকিমত প্ৰথমবাৰৰ বাবে কেমেৰাত বন্দী হ’ল বিৰল প্ৰজাতিৰ মেকুৰী ‘ইউৰেচিয়ান লিংকছ’

ছিকিমত প্ৰথমবাৰৰ বাবে কেমেৰাত বন্দী হ’ল বিৰল প্ৰজাতিৰ মেকুৰী ‘ইউৰেচিয়ান লিংকছ’

July 2, 2026 12:57 pm
ৰাজ্যৰ ওপৰত ৫,০০০ কোটি টকাৰ বোজা! কেন্দ্ৰৰ নতুন গ্ৰাম্য নিয়োগ আঁচনিৰ বিৰোধিতা তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ

ৰাজ্যৰ ওপৰত ৫,০০০ কোটি টকাৰ বোজা! কেন্দ্ৰৰ নতুন গ্ৰাম্য নিয়োগ আঁচনিৰ বিৰোধিতা তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ

July 2, 2026 12:32 pm
সন্ত্ৰাসবাদ আৰু দ্বিপাক্ষিক সহযোগিতা একেলগে চলিব নোৱাৰে: পাকিস্তানলৈ ভাৰতৰ স্পষ্ট বাৰ্তা

সন্ত্ৰাসবাদ আৰু দ্বিপাক্ষিক সহযোগিতা একেলগে চলিব নোৱাৰে: পাকিস্তানলৈ ভাৰতৰ স্পষ্ট বাৰ্তা

July 2, 2026 12:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নকআউট পৰ্যায়ৰ কঠিন যুঁজৰ পূৰ্বে ৰোনাল্ডোৰ আহ্বান: “আমাক ঘৰৰ খেলপথাৰত খেলাৰ দৰে অনুভৱ কৰাওক”

নকআউট পৰ্যায়ৰ কঠিন যুঁজৰ পূৰ্বে ৰোনাল্ডোৰ আহ্বান: “আমাক ঘৰৰ খেলপথাৰত খেলাৰ দৰে অনুভৱ কৰাওক”

July 2, 2026 1:30 pm
ছিকিমত প্ৰথমবাৰৰ বাবে কেমেৰাত বন্দী হ’ল বিৰল প্ৰজাতিৰ মেকুৰী ‘ইউৰেচিয়ান লিংকছ’

ছিকিমত প্ৰথমবাৰৰ বাবে কেমেৰাত বন্দী হ’ল বিৰল প্ৰজাতিৰ মেকুৰী ‘ইউৰেচিয়ান লিংকছ’

July 2, 2026 12:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd