NORTHEAST NOW (Assamese)

ভাৰত বন্ধৰ সময়ত হোজাইত প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু দে’ক শাৰীৰিকভাৱে অপদস্থ বিজেপি নেতা-কৰ্মীৰ

September 11, 2018 7:00 am · এন ই নাও নিউজ
Updated: September 11, 2018 7:05 am

কংগ্ৰেছে ১০ ছেপ্তেম্বৰত আহ্বান জনোৱা ভাৰত বন্ধৰ সময়ত হোজাইত শাসনত থকা দল বিজেপি আৰু বিৰোধী কংগ্ৰেছৰ নেতা-কৰ্মী-সমৰ্থকৰ যুদ্ধংদেহি মনোভাবে হতাহতিৰ ৰূপ লয়। ফলত এই হতাহতিৰ সময়ত কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু দে’ক শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ উঠিছে বিজেপি নেতাৰ বিৰুদ্ধে।

উল্লেখযোগ্য যে পে’ট্ৰল, ডিজেল আদিকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে আহ্বান দিয়া ভাৰত বন্ধৰ সমৰ্থনত হোজাই জিলা কংগ্ৰেছৰ কমিটীৰ সভাপতি ড০ অৰ্ধেন্দু কুমাৰ দে’ৰ নেতৃত্বত কংগ্ৰেছ কৰ্মীসকল ওলাই আহিছিল। সেই সময়তে বন্ধ বিফল কৰিবলৈ হোজাই বিজেপিৰ সভাপতিৰ নেতৃত্বত দোকান-পোহাৰ খোলাবলৈ চেষ্টা চলি আছিল।

সংঘাতৰ সময়ত ভাৰত বন্ধ বিফল কৰিবলৈ আপ্ৰাণ চেষ্টা কৰা বিজেপিৰ নেতা আৰু কৰ্মীয়ে জয় শ্ৰীৰাম ধ্বনি দিয়াৰ লগতে সেই সময়ত অৰ্ধেন্দু দে’ক আক্ৰমণ কৰে বুলি অভিযোগ উঠিছে। অৱশ্যে সহকাৰী আৰক্ষী অধীক্ষক অগজৱাৰন বসুমতাৰি আৰু ভাৰপ্ৰাপ্ত বিষয়া কিতেশ্বৰ বনিয়াই ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

এই সংক্ৰান্তত প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰীজনে হোজাই থানাত এখন এজাহাৰ দাখিল কৰিছে। দে’ই বিজেপিৰ হোজাই জিলাৰ সভাপতি অৰ্জুন মজুমদাৰৰ নেতৃত্বত বিজেপি কৰ্মীয়ে তেওঁক আক্ৰমণ কৰা বুলি অভিযোগ দাখিল কৰিছে। ড০ অৰ্ধেন্দু কুমাৰ দে’ৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা বুলি জানিব পৰা গৈছে।

Related News