NORTHEAST NOW (Assamese)
অসম

ভেটী লৈ থাকোতেই দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল ৰঙিয়াৰ খণ্ড বন বিষয়া ধীৰাজ দাস

Posted by: এন ই নাও নিউজ September 11, 2018 7:10 am
WhatsApp-Image-2018-09-10-at-9.23.06-AM

পুনৰ অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল আন এজন দুৰ্নীতিপৰায়ণ বিষয়া। সোমবাৰে নিশা এক গোপন সূত্ৰৰ পৰা পোৱা খবৰৰ ভিত্তিত উত্তৰ-কামৰূপ বন সংমণ্ডলৰ অধীনৰ ৰঙিয়া খণ্ড বন বিষয়াৰ কাৰ্যালয়ত দুৰ্নীতি শাখাই অভিযান চলাই ধীৰাজ দাস নামৰ খণ্ড বন বিষয়াগৰাকীক উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে ধৰা পেলায়।

উল্লেখ্য যে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰা ধীৰাজ দাস নামৰ এই বন বিষয়াগৰাকী প্ৰায় এমাহ পূৰ্বে ৰঙিয়া খণ্ড বন বিষয়াৰ কাৰ্যালয়ত যোগদান কৰিছিল।

জানিব পৰা মতে বন বিষয়া ধীৰাজ দাসে কোনো কামৰ বাবে মাহেকত লক্ষী দাস নামৰ এজন ব্যৱসায়ীৰ পৰা ১২ হেজাৰ টকাকৈ দাবী কৰিছিল। নাগ্ৰীজুলিৰ পৰা ৰঙিয়ালৈ ব্যৱসায়ীজনৰ তিনিখনকৈ ডাম্পাৰ চলাৰ বাবে মাহেকত উক্ত ধন ৰাশি দাবী কৰিছিল বন বিষয়াজনে।

কিন্তু বন বিষয়াৰ এনে কাৰ্যত অতিষ্ঠ হৈ ব্যৱসায়ীজনে অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাৰ সৈতে যোগাযোগ কৰে। আৰু কালি নিশা দুৰ্নীতি নিবাৰক শাখাই অতি কৌশলপূৰ্ণভাৱে অভিযান চলাই বন বিষয়াগৰাকীক হাতে-লোটে গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে বন বিষয়াগৰাকীয়ে মাহেকত দাবী কৰা উক্ত ধনৰ ৯ হেজাৰ টকা লৈ থাকোতে দুৰ্নীতি নিবাৰক শাখাৰ হাতত গ্ৰেপ্তাৰ হ’বলগীয়া হয়। গ্ৰেপ্তাৰৰ পাছতে অভিযানকাৰী দলটোৱে বিষয়াগৰাকীৰ বাহনৰ লগতে চৰকাৰী আৱাসত তন্ন তন্নকৈ তালাচী চলায়। আনহাতে নিশাৰ ভাগতে দুৰ্নীতিপৰায়ণ বিষয়াজনক অভিযানকাৰী দলটোৱে গুৱাহাটীলৈ লৈ অনা বুলি জানিব পৰা গৈছে।