NORTHEAST NOW (Assamese)

ৰহস্য! উৰিষ্যাৰ প্ৰাক্তন ফুটবলাৰৰ অসমত মৃত্যু; মিজোৰামলৈ প্ৰেৰণ কৰা হ’ল মৃতদেহ

June 16, 2020 8:17 am · এন ই নাও নিউজ
Updated: June 16, 2020 8:19 am
ফটো সৌজন্য: kalingatv.com

তেল আৰু প্ৰাকৃতিক গেছ আয়োগ (অ’এনজিচি)ৰ প্ৰাক্তন কৰ্মচাৰী তথা উৰিষ্যাৰ এগৰাকী প্ৰাক্তন ফুটবলাৰ নৰেশ অকুলাৰ অসমত হাস্পাতলত চিকিৎসাধীন হৈ থকা অৱস্থাত যোৱা ১০ জুনত মৃত্যু হয়।

আনহাতে, বাতৰি অনুসৰি নৰেশৰ মৃতদেহটো উৰিষ্যাৰ গঞ্জাম জিলাৰ ভঞ্জানগৰত বাস কৰা তেওঁৰ পৰিয়ালৰ সদস্যই নাপালে কিয়নো অ’এনজিচিয়ে মৃতদেহটো মিজোৰামলৈ পঠিয়াই দিয়ে।

অ’এনজিচিৰ বিষয়াই জানিবলৈ দি কয় যে পৰিয়ালৰ সদস্য লাল মুৱান কুই নামৰ মিজোৰামৰ এগৰাকী মহিলা মৃতদেহটোৰ দাবীদাৰ আছিল কিয়নো অফিচৰ ৰেকৰ্ডত পত্নী হিচাপে তেওঁৰ নাম আছিল।

এই ঘটনাই নৰেশৰ পৰিয়ালক আচৰিত কৰি তোলে কিয়নো নৰেশে ইতিমধ্যে ২০১২ চনত আৰতিৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল আৰু তেওঁলোকৰ এগৰাকী ছাৰিবছৰীয়া কন্যাও আছে।

তেওঁৰ জ্যেষ্ঠ ভাতৃ বিষ্ণু অকুলাই দাবী কৰে যে নৰেশে মৃত্যুৰ আগনিশা তেওঁৰ ভঞ্জানগৰত থকা পৰিয়ালৰ সৈতে কথা পাতিছিল আৰু ঘৰলৈ উভতি অহাৰ ইচ্ছা প্ৰকাশ কৰিছিল।

তেওঁৰ সৈতে কথা পতা বিষ্ণুৱে কয় যে তেওঁ ফুটবলাৰগৰাকীক ভ্ৰমণ নকৰিবলৈ পৰামৰ্শ দিছিল কিয়নো তেওঁক তাত উপস্থিত হোৱাৰ পাছতে কৰ’না ভাইৰাছ অতিমাৰীৰ বাবে ১৪দিনৰ কোৱাৰেন্টাইন কৰা হ’ব।

নৰেশ অকুলাই সন্তোষ ট্ৰফীত তিনিবাৰকৈ উৰিষ্যাক প্ৰতিনিধিত্ব কৰিছিল।

তেওঁৰ ঘৰ ভঞ্জানগৰত আৰু তেওঁৰ পত্নী তথা পৰিয়ালৰ লোক তাত বাস কৰে।

তেওঁ শিলচৰত অ’এনজিচিত চাকৰি কৰিছিল।

যোৱা ১০জুনত তেওঁৰ মৃত্যু হয় যদিও তেওঁৰ মৃতদেহ মিজোৰামলৈ পঠিয়াই দিয়া হয়।

Related News