NORTHEAST NOW (Assamese)

কাৰ্গিল যুদ্ধত সন্মতি নিদিয়াৰ বাবে কৰা হৈছিল ক্ষমতাচ্যুত; দাবী প্ৰাক্তন পাকিস্তানী প্ৰধানমন্ত্ৰীৰ

December 10, 2023 10:04 am · এন ই নাও নিউজ, গুৱাহাটী
পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফ। ফাইল ফটোঃ সংগ্ৰহীত ।

তেওঁ ১৯৯৯ চনৰ কাৰ্গিল যুদ্ধক সমৰ্থন কৰা নাছিল। আৰু পাকিস্তানৰ তেতিয়াৰ সেনাধ্যক্ষ পাৰভেজ মুশ্বাৰফৰ কাৰ্গিল পৰিকল্পনাত সন্মতি নিদিয়াৰ বাবে তেওঁ অপসাৰিত হ’বলগীয়া হৈছিল। শেহতীয়াকৈ পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফে এক সাক্ষাৎকাৰত এই ইংগিত দিছে।

অহা ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’ব পাকিস্তানত সাধাৰণ নিৰ্বাচন। নৱাজ শ্বৰীফৰ দল পাকিস্তান মুছলিম লীগ (নৱাজ) অথবা পিএমএল (এন)য়েও এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। তাৰ আগতেই নৱাজৰ এই মন্তব্য ভাৰতৰ সৈতে সম্পৰ্ক শিথিল হোৱাৰ লক্ষণ নেকি সেই সম্পৰ্কে চৰ্চা আৰম্ভ হৈছে।

যোৱা শনিবাৰে এক সাক্ষাৎকাৰত নৱাজক সোধা হৈছিল যে তেওঁ কিয় বাৰে বাৰে ক্ষমতাচ্যুত হ’ব লগা হৈছে। এই প্ৰশ্নৰ উত্তৰত ১৯৯৯ চনৰ কাণ্ডৰ কথা উল্লেখ কৰি নৱাজে কয়, “কাৰ্গিল পৰিকল্পনাৰ কথা শুনি মই ইয়াৰ বিৰোধিতা কৰিছিলো। কৈছিলো এয়া সম্ভৱ নহ’ব। পিছত মোৰ কথাবোৰ সঁচা বুলি প্ৰমাণিত হ’ল। কিন্তু মই ক্ষমতা হেৰুৱাব লগা হয়।”

লগতে পঢ়কঃ ভয়ংকৰ ঘটনা, মহিলাৰ চকুৰ পৰা ওলাই আহিল ৬০টাকৈ জীৱন্ত পেলু! কেনেকৈ আহিল শৰীৰত?

দেশৰ অৰ্থনৈতিক উন্নয়নৰ বাবে চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ সৈতে সম্পৰ্ক উন্নত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে নৱাজে। তেওঁ ভাৰতৰ কথা সুকীয়াকৈ উল্লেখ কৰিছিল। সোঁৱৰাই দিয়ে যে পাকিস্তানৰ প্ৰধানমন্ত্ৰীসকলৰ মাজত তেওঁৰ কাৰ্যকালতে ভাৰতৰ দুজন প্ৰধানমন্ত্ৰীয়ে (অটল বিহাৰী বাজপেয়ী আৰু নৰেন্দ্ৰ মোডী) পাকিস্তান ভ্ৰমণ কৰিছিল। পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে কাৰাগাৰত থকা ইমৰাণ খানক ‘অনভিজ্ঞ’ বুলিও সমালোচনা কৰে।

নৱাজে দাবী কৰে যে তেওঁৰ দলে (পিএমএলএন) চৰকাৰৰ দায়িত্ব নোলোৱা হ’লে অৰ্থনীতি অথাই সাগৰত পৰিলেহেঁতেন।

১৯৯৯ চনৰ মে’ মাহত পাক বাহিনীয়ে নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম কৰি মুছকো, দ্ৰাছ, কাকছাৰ আৰু বটালিক ছেক্টৰ, কাৰ্গিল ছেক্টৰত প্ৰৱেশ কৰে। ভাৰতীয় সেনাই তেওঁলোকক খেদি পঠিয়াবলৈ অভিযান আৰম্ভ কৰে। এই অভিযানৰ নাম ৰখা হৈছিল ‘অপাৰেচন বিজয়’। এই যুদ্ধত ভাৰতে জয়লাভ কৰে।

লগতে পঢ়কঃযদি আপুনি ধাৰাবাহিক বিফলতাৰ সন্মুখীন হৈছে তেন্তে চাণক্যৰ এই নীতি মানক, আহিব সফলতা

১৯৯৯ চনৰ মে’ মাহৰ পৰা জুলাইলৈকে কাৰ্গিল যুদ্ধত প্ৰায় ৫০০ ভাৰতীয় জোৱান নিহত হৈছিল। সেই সময়ত নৱাজ শ্বৰীফ পাকিস্তানৰ প্ৰধানমন্ত্ৰী আছিল।

Related News