NORTHEAST NOW (Assamese)
Popular Stories

যদি ভাৰতে পাকিস্তানৰ বাবে ১০,০০০ ভেণ্টিলেটৰ নিৰ্মাণ কৰে পাকিস্তানে চিৰদিন ভাৰতৰ ওচৰত কৃতজ্ঞ হৈ থাকিব : ছোৱেইব আখতাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 9, 2020 7:48 am
Akhtar

সমগ্ৰ বিশ্বৰ লগতে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানো বৰ্তমান সময়ত ক’ৰ’না ভাইৰাছত জৰ্জৰিত হৈ পৰিছে।

পাকিস্তানত ক’ৰ’নাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ সময়তে প্ৰাক্তন পাকিস্তানী ক্ৰিকেটাৰ তথা বেগী বলাৰ ছোৱেইব আখতাৰে এই ক্ষেত্ৰত ভাৰত আৰু পাকিস্তানক একেলগে আগবাঢ়ি আহিবলৈ আহ্বান জনায় পৰস্পৰে পৰস্পৰক সহায় কৰিবলৈ কয়।

‘‘যদি ভাৰতে পাকিস্তানৰ বাবে ১০,০০০ ভেণ্টিলেটৰ প্ৰস্তুত কৰে তেনেহ’লে পাকিস্তানে ভাৰতৰ এই মহানুভৱতা চিৰদিন স্মৰণ কৰিব,’’ আখাতাৰে কয়।

আনহাতে, ছোৱেইব আখতাৰে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ হ্ৰাস পোৱাৰ পাছত ক’ৰ’না সাহায্য পুজিৰ বাবে ভাৰত-পাকিস্তানৰ মাজত তিনিখন ম্যেচৰ এদিনীয়া শৃংখলা অনুষ্ঠিত কৰাৰো পোষকতা কৰে।

তদুপৰি, ছোৱেইব আখতাৰে ভাৰতীয় ক্ৰিকেটাৰ সকলে ক’ৰ’নাৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে দিয়া সাহায্যৰো শলাগ লয়।

উল্লেখযোগ্য যে, ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হোৱাৰ সময়তে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছাৰ্ক ৰাষ্ট্ৰ সমূহৰ ৰাষ্ট্ৰপ্ৰধান সকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সিংঙৰ সহায়ত বৈঠক অনুষ্ঠিত কৰি ক’ৰ’না প্ৰতিৰোধৰ বাবে সকলো ছাৰ্ক ৰাষ্ট্ৰই একেলগে আগবাঢ়ি অহাৰ বাবে অনুৰোধ জনাইছিল।

বৰ্তমান পাকিস্তানত ক’ৰ’না ভাইৰাছত ৪০০০ কৈ অধিক লোক আক্ৰান্ত হৈছে আৰু ৮০ গৰাকীতকৈ অধিক লোকে প্ৰাণ হেৰুৱাইছে।