NORTHEAST NOW (Assamese)
অসম

বিজেপিৰ ভাল দিনত ন-বিজেপিয়ে মালিকীস্বত্ব লৈ পুৰণি কৰ্মীক গুৰুত্বহীন কৰিছে : গোহাঁই

Posted by: মিন্টু দাস Updated by: মিন্টু দাস July 6, 2019 1:42 pm
Gohain1

কংগ্ৰেছৰ বহুবল্কী বিধায়ক, মৰিয়নী বিধান সভা সমষ্টিক একেৰাহে তেৰ বছৰ ধৰি প্ৰতিনিধিত্ব কৰা ৰূপজ্যোতি কুৰ্মীয়ে শেহতীয়াকৈ বিজেপিত যোগদানৰ বাবে মন মেলাৰ খবৰে যোৱা কেইবাদিনো ধৰি ৰাজ্যৰ ৰাজনৈতিক বতাহ গৰম কৰি ৰাখিছে ৷

ইয়াৰ মাজতে শুকুৰবাৰে নগাঁও চহৰৰ ডচন স্কুল খেলপথাৰত আয়োজিত বৃক্ষৰোপনৰ এক কাৰ্যসূচীত অংশ গ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাইয়ে কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীক বিজেপিত যোগদানত বিৰোধিতা কৰিব বুলি মন্তব্য কৰে ৷

গোঁহাইয়ে কয় যে, বিজেপিৰ ভাল দিনত ন-বিজেপিয়ে মালিকীস্বত্ব লৈ পুৰণি বিজেপি কৰ্মীক গুৰুত্বহীন কৰিছে ৷ ২৫-৩০ বছৰ ধৰি দলৰ বাবে কাম কৰা, দলৰ বেয়া দিনতো দলত থকা বিজেপিৰ পুৰণিকৰ্মীক সকলো ক্ষেত্ৰতে বঞ্চিত কৰা হৈছে। পুৰণি কৰ্মীসকলক লগত লৈ মই ইয়াৰ বিৰোধিতা কৰি যাম ৷

ইপিনে ৰাজেন গোঁহাইৰ লগত উক্ত অনুষ্ঠানত উপস্থিত থকা হোজাইৰ বিধায়ক শিলাদিত্য দেৱে ৰূপজ্যোতি কুৰ্মীৰ বিজেপিত যোগদান সম্পৰ্কত কয় যে, কুৰ্মীয়ে বিজেপিত যোগদান কৰাত কোনো আপত্তি নাই ৷ কিন্তু মন্ত্ৰিত্বৰ চৰ্তৰে তেওঁ যোগদানৰ বিৰোধিতা কৰিম ৷

উল্লেখ্য যে বিগত লোকসভা নিৰ্বাচনত দলীয় টিকট লাভ নকৰা প্ৰাক্তন সাংসদ ৰাজেন গোঁহাই আৰু সোনোৱাল চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মাজত বিগত সময়ছোৱাত সংঘাত চলি আছিল৷ গোঁহাইয়ে দলীয় টিকট লাভ নকৰাৰ আঁৰত ডঃ শৰ্মাৰ কুটিল ৰাজনীতি আছিল বুলিও চৰ্চা চলিছিল ৷

কিন্তু ইয়াৰ মাজতে শুকুৰবাৰে বৃক্ষৰোপনৰ কাৰ্যসূচীত ৰাজেন গোঁহাইক হিমন্ত বিশ্বৰ অতি ঘনিষ্ঠ বুলি পৰিচিত বিজেপি নেতা জিতু গোস্বামীয়ে সংগ দিয়া ঘটনা তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে।