NORTHEAST NOW (Assamese)
অসম

মহলীয়াপাৰা মাজবাট আদৰ্শ চিকিৎসালয়ৰ আধাৰশিলা স্থাপন

Posted by: ছাজিদ খান Updated by: ছাজিদ খান November 23, 2018 6:26 pm
IMG-20181123-WA0007

বিটিচিৰ কাৰ্যবাহী সদস্য গণেশ কছাৰীয়ে আজি ২৩ নৱেম্বৰ শুকুৰবাৰে ওদালগুৰি জিলাৰ মাজবাটৰ সমীপস্থ মহলীয়াপাৰা মাজবাট আদৰ্শ চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰে। এই আদৰ্শ চিকিৎসালয়খন ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত নিৰ্মাণ কৰা হৈছে।

মাজবাটৰ বিধায়ক চৰণ বড়োৰ অধ্যক্ষতাত জিলা স্বাস্থ্য সমাজে আয়োজন কৰা সভাখনত বিটিচিৰ কাৰ্যবাহী সদস্য গণেশ কছাৰীয়ে কয় যে এই আদৰ্শ চিকিৎসালয়খনৰ বাবে এই অঞ্চলটোৰ ৰাইজৰ দীৰ্ঘদিনীয়া দাবী আছিল।

তেওঁ আৰু কয় যে এই আদৰ্শ চিকিৎসালয়খনে এই ঠাইত বাস কৰা বড়ো, আদিবাসী, ৰাভা আৰু ৰাজবংশী সম্প্ৰদায়ৰ জনসাধাৰণৰ প্ৰয়োজন পূৰ্ণ কৰিব। তেওঁ কয় যে আদৰ্শ চিকিৎসালয়খনে স্থানীয় ৰাইজক সকলো সুবিধা প্ৰদান কৰিব। বিটিচিৰ কাৰ্যবাহী সদস্য মিঠাৰাম বসুমতাৰী, বিটিচিৰ এমচিএলএ জিতু কিষান, ওদালগুৰিৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ড০ তৈয়েবুৰ ৰহমান, এনএইচ্চ বিষয়া ড০ এচি বৈশ্য আৰু আন আন বিশিষ্ট ব্যক্তি উপস্থিত আছিল।