NORTHEAST NOW (Assamese)

Kidnapping Gang Arrested অসম-মেঘালয় সীমান্তৱৰ্তী কুকুৰকাটাত ৪ অপহৰণকাৰী গ্ৰেপ্তাৰ

November 11, 2021 7:39 pm · নীলমনি শর্মা, কৃষ্ণাই
প্ৰতিনিধিত্বমূলক ফটো।

Kidnapping Gang Arrested গোৱালপাৰা জিলাৰ অসম মেঘালয় সীমান্তবৰ্তী কুকুৰকাটা অঞ্চলৰ পৰা যোৱা নিশা আৰক্ষীয়ে অভিযান চলাই ৪ টা দুৰ্ধৰ্ষ অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

আৰক্ষীসূত্ৰে জানিব পৰা মতে, যোৱা নিশা গোৱালপাৰাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৃণাল ডেকা আৰু উপ-আৰক্ষী অধীক্ষক অনুৰাগ শৰ্মাৰ নেতৃত্বত কৃষ্ণাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চন্দন ডেকা আৰু কুকুৰকাটা আৰক্ষীৰ সহযোগত অভিযান চলাই নাবাং বজাৰ অঞ্চলৰ পৰা এই চাৰিটা দুধৰ্ষ অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

গ্ৰেপ্তাৰ হোৱা অপহৰণকাৰী কেইজন হৈছে জাষ্টমিন মাৰাক (৩১), লিমছাং মাৰাক (৩৫ ) কলিংজাৰ কে মাৰাক(২৯) আৰু জুলেন ৰাভা (৩৪) ৷

আটকাধীন গোটেই কেইটা দুৰ্বৃত্তকে ইতিমধ্যে জে’ল হাজোতলৈ প্ৰেৰণ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷ 

আৰক্ষী সূত্ৰে জানিব পৰা মতে, ধৃত অপহৰণকাৰী কেইজন বিভিন্ন সময়ত অপহৰণ কাণ্ডৰ লগত জড়িত আছিল ৷ বিগত কেবাদিন ধৰি এক অপহৰণৰ পৰিকল্পনা কৰি বাহৰ পাতিছিল কুকৰকাটা অঞ্চলত ৷

শেহতীয়াকৈ কৃষ্ণাইৰ ব্যৱসায়ীক অপহৰণ কৰাৰ উদ্দেশ্যে জাল পাতি পৰিকল্পনা ৰচিছিল অপহৰণকাৰী দৰ্বৃত্তৰ দলটোৱে ৷

আৰক্ষীয়ে সেই তথ্য লাভ কৰি এক গোপন সূত্ৰৰ তথ্যত অভিযান চলাই গ্ৰেপ্তাৰ কৰে দলটোক ৷ আৰক্ষীৰ এই সফলতাৰ শলাগ লৈছে জিলাবাসীয়ে ৷

Related News