NORTHEAST NOW (Assamese)

মাকৰ স্মাৰ্টফোন হাতত পৰিল এটি শিশুৰ; মুহৰ্ততে কি কাণ্ড কৰিলে চাওক

November 27, 2020 9:42 am · এন ই নাও নিউজ
ফটো সৌজন্য: ইনষ্টাগ্ৰাম।

বৰ্তমান স্মাৰ্টফোনৰ প্ৰতি প্ৰায় সকলোৰে আসক্তি বৃদ্ধি পোৱাটো স্বাভাৱিক যেন দেখা গৈছে। কিন্তু পৰিয়ালৰ শিশু সদস্যৰ ইয়াৰ প্ৰতি আকৰ্ষণ আৰু কিছু অধিক। হাতত স্মাৰ্টফোন এটা পৰিলে গোটেই পৃথিৱীখনে যে হাতৰ মুঠিত আহি পৰে এই শিশুসকলৰ।

শিশুসকলৰ এই আকৰ্ষণৰ লগতে কিছু আশংকাৰ সম্ভাৱনাও জড়িত হৈ পৰে। হাতৰ মুঠিত পোৱা জগতৰ সকলো নিজৰ বাবে গোটাই লোৱাৰ শিশু মনে কেতিয়াবা যে বিপদো চপাব পাৰে সেইটোহে চিন্তনীয়।

সম্প্ৰতি এটি শিশুৰ এনে এক কাণ্ডই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। শিশুটিৰ মাতৃয়ে ছচিয়েল মিডিয়াত শ্বেয়াৰো কৰিছে তাৰ কৰ্মকাণ্ডৰ কথা।

মুঠতে এই চাৰি বছৰীয়া শিশুৰ কৰ্মকাণ্ডই ছচিয়েল মিডিয়াত বিশেষ চৰ্চা লাভ কৰিছে।

ব্ৰাজিলৰ এগৰাকী মহিলাই ইনষ্টাগ্ৰামত তেওঁৰ চাৰি বছৰীয়া শিশুটিৰ ছবি প’ষ্ট কৰে। সেই প’ষ্টটোত শিশুটিক বিভিন্ন ধৰণৰ খোৱাবস্তু আগত লৈ বহি থকা দেখা গৈছে। খোৱাবস্তুসমূহ কি কি আছে তাকো মহিলাগৰাকীয়ে কেপশ্যনত লিখিছে।

তাত আছিল ছয়টা হামবাৰ্গ মিলছ, ছয়টা মেকডনাল্ড হ্যাপি শ্নেকছ, দুটা চিকেন, পটেট’ চিপছ, দহটাকৈ মিল্কছেকছ, জ্যুচকে ধৰি আৰু বহুকেইটা আকৰ্ষণীয় খাদ্যসম্ভাৰ।

ইমানবোৰ খোৱাবস্তু দেখি মহিলাগৰাকী  কি প্ৰতিক্ৰিয়া হৈছিল তাকো তেওঁ প’ষ্টটোত উল্লেখ কৰিছে। তেওঁ লিখিছে,’’প্ৰথমতে মই হাঁহিছো। তাৰ পাছত কান্দোন ওলাই আহিছে। অৱশেষত খাবলৈ বহি পৰিলো।‘’

মাকৰ ফোনটো হাতত পৰা মাত্ৰকেই শিশুটিয়ে যে মেকডনাল্ডৰ পৰা চাৰে পাঁচহাজাৰ টকাৰ খোৱাবস্তুৰ অৰ্ডাৰ দিছিল সেইকথাটো মহিলাগৰাকীয়ে অৱশ্যে নিজৰ প’ষ্টটোত উল্লেখ কৰিবলৈ পাহৰা নাই।

শিশুটিৰ এই কীৰ্তি সোনকালেই ভাইৰেল হৈ পৰে। প’ষ্টটো কমেন্টেৰে উপচি পৰিছে। শিশু বুলিয়েই তাৰ দুষ্টামিৰ কথা মনত ৰাখিয়ো মৰম-ভালপোৱাৰে বহুতেই তাক আদৰণি জনাইছে।

Related News