NORTHEAST NOW (Assamese)
দেশ

এতিয়াৰ পৰা এজন একাউণ্টধাৰীৰ ৪ জন পৰ্যন্ত উত্তৰাধিকাৰী থাকিব পাৰিব : লোকসভাত গৃহীত বেংকিং আইন সংশোধনী বিধেয়ক

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী December 4, 2024 10:45 am

এতিয়াৰ পৰা এজন বেংক একাউণ্টধাৰীয়ে সৰ্বাধিক চাৰিজন লোকক উত্তৰাধিকাৰী হিচাপে নিৰ্বাচন কৰিব পাৰিব।

মঙলবাৰে লোকসভাত বেংকিং আইন (সংশোধনী বিধেয়ক), ২০২৪ গৃহীত হয়। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কয় যে যিকোনো জমাকাৰীৰ আইনী উত্তৰাধিকাৰীৰ আৰ্থিক নিৰাপত্তা নিশ্চিত কৰাৰ বাবে এনে পদক্ষেপ লোৱা হৈছে।

কেন্দ্ৰৰ নতুন আইন অনুসৰি এতিয়াৰ পৰা এজন বেংক একাউণ্টধাৰীৰ সৰ্বাধিক চাৰিজন উত্তৰাধিকাৰী থাকিব পাৰিব। তেনে ক্ষেত্ৰত এজন উত্তৰাধিকাৰীয়ে কিমান শতাংশ ধন পাব সেয়াও উল্লেখ কৰিব পাৰি।

উল্লেখ্য যে বেংকিং ৰেগুলেচন এক্ট, ১৯৪৯ৰ ধাৰা ৪৫ জে এ (১) অনুসৰি এটা বেংক একাউণ্টত এজনতকৈ বেছি উত্তৰাধিকাৰী থাকিব নোৱাৰে। কিন্তু এই আইন সংশোধন কৰি এটা বেংক একাউণ্টৰ উত্তৰাধিকাৰীৰ সংখ্যা ৪ জনলৈ বৃদ্ধি কৰিলে নৰেন্দ্ৰ মোদীৰ চৰকাৰে।