‘দ্য কেৰেলা ষ্ট’ৰী’ক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰাৰ বিৰুদ্ধে প্ৰতিবাদ এফ টি আই আইৰ শিক্ষাৰ্থীৰ
পুনেস্থিত ভাৰতীয় ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটৰ ছাত্ৰ-ছাত্ৰীসকলে ‘দ্য কেৰেলা ষ্ট’ৰী’ক প্ৰদান কৰা ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ তীব্ৰ বিৰোধিতা কৰিছে।
‘দ্য কেৰালা ষ্ট’ৰী’ পৰিচালনাৰ বাবে পৰিচালক সুদীপ্ত সেনক শ্ৰেষ্ঠ পৰিচালকৰ বঁটা প্ৰদানৰ সিদ্ধান্তক সংগঠনটোৱে তীব্ৰ গৰিহণা দিছে।
ছাত্ৰ-ছাত্ৰীসকলে কয় যে এই সিদ্ধান্ত কেৱল হতাশাজনক নহয়, ই বিপদজনকো।
যোৱা শুকুৰবাৰে ঘোষণা কৰা হয় ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৩ৰ ফলাফল।
‘দ্য কেৰেলা ষ্ট’ৰী’ক শ্ৰেষ্ঠ চিনেমেট’গ্ৰাফী বঁটাও প্ৰদান কৰা হৈছে।
এই বঁটাৰ বিৰোধিতা কৰি এফ টি আই আইৰ ছাত্ৰ-ছাত্ৰীসকলে এখন পত্ৰত লিখিছে, “আকৌ এবাৰ চৰকাৰে স্পষ্ট কৰি দিছে যে যদি কোনো ছবিয়ে ঘৃণা প্ৰচাৰৰ এজেণ্ডা বহন কৰে তেন্তে তেনে ছবিক বঁটা প্ৰদান কৰিব।”
ইয়াত কোৱা হৈছে, “দ্য কেৰালা ষ্টৰী” কোনো ছবি নহয়, ই এক অস্ত্ৰ। ই মুছলমান সম্প্ৰদায়ক বদনাম কৰাৰ ভুৱা আখ্যান।”