NORTHEAST NOW (Assamese)
অসম

মূৰৰ দাম ১ লাখ! আৰক্ষীৰ এনকাউণ্টাৰত নিহত কুখ্যাত গেংষ্টাৰ বিনোদ

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী January 5, 2024 12:58 pm

পুনৰ এনকাউণ্টাৰত নিহত গেংষ্টাৰ। উত্তৰ প্ৰদেশ আৰক্ষীৰ এছটিএফে বিগত চাৰি-পাঁচ দিন ধৰি এই কুখ্যাত গেংষ্টাৰটোৰ ওপৰত চকু ৰাখিছিল। বৃহস্পতিবাৰে আৰক্ষীৰ সৈতে হোৱা গুলীচালনাত নিহত হয় কুখ্যাত গেংষ্টাৰ বিনোদ উপাধ্যায়। উল্লেখ্য যে যোৱা কেইবছৰমানৰ পৰা উত্তৰ প্ৰদেশত এনকাউণ্টাৰত মৃত্যুৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। সেই তালিকাত আছে কেইবাজনো কুখ্যাত অপৰাধী।

উত্তৰ প্ৰদেশৰ চুলতানপুৰত বিনোদে কাৰোবাক হত্যা কৰিবলৈ আহিব বুলি আৰক্ষীৰ হাতত তথ্য আছিল। সূত্ৰৰ পৰা জানিব পৰা মতে, উত্তৰ প্ৰদেশ আৰক্ষীৰ এছটিএফে এই তথ্য লাভ কৰাৰ পিছত বিনোদৰ গতিবিধিৰ ওপৰত কঠোৰ নিৰীক্ষণ আৰম্ভ কৰে। বিনোদ চুলতানপুৰ পোৱাৰ লগে লগে তালাচী অভিযানে তেওঁক বিচাৰি অভিযান আৰম্ভ কৰে। কুখ্যাত গেংষ্টাৰে বিপদ দেখি পলাবলৈ চেষ্টা কৰে। সেই সময়ত তেওঁ আৰক্ষীৰ সৈতে গুলীচালনাত লিপ্ত হয়।

লগতে পঢ়কঃ চন্দ্ৰৰ পিছত সূৰ্য জয়! আদিত্য-এল১ মিছনৰ ডাঙৰ আপডেট; অধীৰ আগ্ৰহেৰে অপেক্ষা দেশবাসীৰ

আৰক্ষীৰ সূত্ৰ অনুসৰি, বৃহস্পতিবাৰে মাজনিশাৰ পৰা শুকুৰবাৰে পুৱালৈকে অব্যাহত থাকে গুলীয়াগুলী। দুয়োপক্ষৰ মাজত হোৱা সংঘৰ্ষৰ সময়ত বিনোদৰ গাত কেইবাটাও গুলী লাগে। তেওঁক আহত অৱস্থাত উদ্ধাৰ কৰি জিলা চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও তাতেই তেওঁৰ মৃত্যু হয়।

বিনোদৰ পৰা উদ্ধাৰ হৈছে এটা চাবমেচিনগান আৰু এটা চাইনিজ পিষ্টল। মন কৰিবলগীয়া যে উত্তৰ প্ৰদেশ আৰক্ষীৰ ৱাণ্টেড লিষ্টত দীৰ্ঘদিন ধৰি বিনোদৰ নাম আছিল। তেওঁৰ মূৰৰ বাবে ১ লাখ টকা মূল্য বান্ধি দিয়াও হৈছিল।

লগতে পঢ়কঃ কম বয়সীয়া নাৰী পছন্দ আছিল বিল ক্লিণ্টনৰ! নাৰী নিৰ্যাতনকাৰী এপষ্টেইনৰ নথিত চাঞ্চল্যকৰ তথ্য

বিনোদৰ বিৰুদ্ধে হত্যা, ডকাইতি, চৰকাৰী বিষয়াক হত্যাৰ ভাবুকি দিয়া, চুৰিকে ধৰি মুঠ ৩৫টা অভিযোগ আছে। বিগত বছৰ অবৈধ নিৰ্মাণৰ বাবে বিনোদৰ বিশাল ঘৰটো বুলডজাৰেৰে ভাঙি দিয়া হৈছিল। তেওঁক গতাই দিব পাৰিলে ৫০ হাজাৰ টকীয়া পুৰস্কাৰ ঘোষণা কৰা হৈছিল। পিছত পুৰস্কাৰৰ ধন দুগুণ কৰা হয়। অৱশেষত যোগী ৰাজ্যৰ গেংষ্টাৰজনক আৰক্ষীয়ে গুলীয়াই হত্যা কৰিলে।