NORTHEAST NOW (Assamese)
অসম

এন আই আৰ এফ, ২০২৫ ৰ প্ৰতিবেদন : দেশৰ শীৰ্ষ ১০ খন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ ভিতৰত ৯ম স্থান লাভ গুৱাহাটী বিশ্ববিদ্যালয়ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 4, 2025 4:03 pm

শিক্ষা মন্ত্ৰালয়ে ঘোষণা কৰা ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানিক ৰেংকিং সমীক্ষা(এন আই আৰ এফ) ২০২৫ত গুৱাহাটী বিশ্ববিদ্যালয়ে দেশৰ শীৰ্ষ ১০ খন ৰাজ্যিক ৰাজহুৱা বিশ্ববিদ্যালয়ৰ তালিকাত ৯ম স্থান অৰ্জন কৰিছে।

সমগ্ৰ দেশৰ প্ৰতিদ্বন্দ্বিতামূলক পৰিস্থিতিত এই কৃতিত্ব বিশ্ববিদ্যালয়খনৰ বাবে এক গৌৰৱজনক মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে।

ৰেংকিঙত কলকাতাৰ যাদৱপুৰ বিশ্ববিদ্যালয় প্ৰথম স্থানত, চেন্নাইৰ আন্না বিশ্ববিদ্যালয় দ্বিতীয় আৰু চণ্ডীগড়ৰ পাঞ্জাব বিশ্ববিদ্যালয়ে তৃতীয় স্থান লাভ কৰিছে।

অন্ধ্ৰ বিশ্ববিদ্যালয়ে চতুৰ্থ স্থানত, কেৰালা বিশ্ববিদ্যালয়ে পঞ্চম স্থানত, কোচিন বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালযয়ে ষষ্ঠ স্থানত, ওছমানিয়া বিশ্ববিদ্যালযয়ে সপ্তম স্থান্য আৰু কাশ্মীৰ বিশ্ববিদ্যালয় অষ্টম স্থান লাভ কৰিছে। গুৱাহাটী বিশ্ববিদ্যালয়ে নৱম স্থান লাভ কৰাৰ লগতে দশম স্থান স্থান লাভ কৰিছে ভাৰতীয় বিশ্ববিদ্যালয়ে।

অসমৰ শিক্ষা মন্ত্ৰী ৰানোজ পেগুৱে সামাজিক মাধ্যমত গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই সাফল্য উল্লেখ কৰি ইয়াক “ৰাজ্যৰ বাবে গৌৰৱৰ মুহূৰ্ত বুলি অভিহিত কৰিছে।