NORTHEAST NOW (Assamese)

আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তি কেলেংকাৰিৰ চিবিআই তদন্তৰ দাবী সাংসদ গৌৰৱ গগৈৰ

September 29, 2020 10:19 am · এন ই নাও নিউজ
সাংসদ গৌৰৱ গগৈ। ফাইল ফটো

কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ নিযুক্তিৰ বাবে হোৱা লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনা চিবিআইৰ দ্বাৰা তদন্ত কৰাৰ দাবী জনাইছে।

সোমবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহলৈ লিখা এখন পত্ৰত সাংসদ গগৈয়ে এই দাবী জনায়।

লোকসভাত কংগ্ৰেছৰ উপ-দলপতি  গৌৰৱ গগৈয়ে অভিযোগ কৰি কয় যে অসম চৰকাৰে ‘’দোষীক ৰক্ষা কৰি দুৰ্নীতিক প্ৰশ্ৰয় দিছে।‘’

তেওঁ এই বিষয়ত অমিত শ্বাহৰ পৰা সোনকালেই এক সদুত্তৰ বিচাৰিছে।

গগৈয়ে কয়,’’ মই আপোনাক অনুৰোধ জনাও যে অনুগ্ৰহ কৰি এই ঘটনাত হস্তক্ষেপ কৰক আৰু চিবিআই তদন্তৰ নিৰ্দেশ দিয়ক যাতে আমাৰ প্ৰশাসনিক সেৱাত দুৰ্নীতিৰ পৰা মুক্ত হ’ব পাৰে আৰু যোগ্য প্ৰাৰ্থীসকল ভৱিষ্যতে এনেধৰণৰ ষড়যন্ত্ৰৰ বলি হ’বলগীয়া নহয়।‘’

সাংসদ গৌৰৱ গগৈয়ে লগতে কয় যে পৰীক্ষা বাতিল কৰিলেই ‘’দুৰ্নীতি শেষ হোৱাৰ সিদ্ধান্ততে ৰাজ্য চৰকাৰৰ অক্ষমতাৰ উমান পোৱা যায়।‘’

সাংসদ গগৈয়ে অভিযোগ কৰে যে দোষীক ৰক্ষণাবেক্ষন দি চৰকাৰে প্ৰশাসনিক সংস্থাক দুৰ্বল কৰিব বিচাৰিছে।।

Related News