NORTHEAST NOW (Assamese)

General Knowledge : চৰকাৰী চাকৰি নিযুক্ত পৰীক্ষাৰ বাবে প্ৰয়োজনীয় কিছু প্ৰশ্নোত্তৰ

April 7, 2025 7:50 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 6, 2025 9:19 pm

১/ ম্যানমাৰ, চীন আৰু ভূটানৰ সৈতে কোনখন ৰাজ্যৰ সীমা আছে?

উত্তৰঃ অৰুণাচল প্ৰদেশ।

২/ ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ কোনটো?

উত্তৰঃ ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথ।

৩/ ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথে কিমানখন ৰাজ্য সংযোগ কৰে?

উত্তৰঃ ১১ খন।

৪/ দ্বীপৰ বিলক কেতিয়া ৰামছাৰ ছাইট হিচাপে ঘোষণা কৰা হৈছিল?

উত্তৰঃ ২০২২ চনত।

৩/ ফিজি দেশৰ মুদ্ৰাক কি বুলি কোৱা হয়?

উত্তৰঃ ফিজিয়ান ডলাৰ।

৪/ ফিজি দেশৰ সৰ্বোচ্চ সন্মান কাক দিয়া হৈছিল?

উত্তৰঃ দৌপদী মূৰ্মু।

৫/ মহাকাশলৈ প্ৰেৰণ কৰা প্ৰথমটো ভাৰতীয় উপগ্ৰহ কি?

উত্তৰঃ আৰ্যভট্ট। (১৯৭৫ চন)

৬/ ইউনেস্কৰ মুখ্য কাৰ্যালয় কত আছে?

উত্তৰঃ পেৰিছ।

৭/ গাম্বিত শব্দটো কোনটো খেলৰ লগত জড়িত?

উত্তৰঃ ডবা খেল।

৮/ পবা অভৰায়ণ্য কত আছে?

উত্তৰঃ জোনাই।

৯/ বলৰ এছ আই একক কি ?

উত্তৰঃ নিউটন।

১০/ কাৰ্বন মনোক্সাইডৰ ৰসায়নিক সংকেট কি?

উত্তৰঃ CO

১১/ চামগুৰি বিল কত অৱস্থিত

উত্তৰঃ নগাঁও জিলাত।

১২/ প্ৰণৱজ্যোতি ডেকাই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী, ২০২৩ লাভ কৰিছিল?

উত্তৰঃ শ্ৰেষ্ঠ গল্প।

১৩/ ভাৰতৰ আটাইতকৈ ডাঙৰ নিৰ্মল পানীৰ হ্ৰদ কোনটো ?

উত্তৰঃ ৱুলাৰ হ্ৰদ। (জম্মু-কাশ্মীৰ)।

১৪/ বাস্কেট বলত এটা দলত কিমানজন খেলুৱৈ থাকে?

উত্তৰঃ ৫ জন।

১৫/ অসমৰ খাজুৰাহো বুলি কোনটো মন্দিৰক জনা যায়?

উত্তৰঃ মদন কামদেৱ মন্দিৰ।

Related News