NORTHEAST NOW (Assamese)
Popular Stories

মাত্ৰ ১০ মিনিটত বিনামূল্যে লাভ কৰিব পানকাৰ্ড; কিন্তু কেনেকৈ?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 22, 2020 6:20 pm
pan

আয়কৰ বিভাগে নতুন সুবিধা আগবঢ়াইছে কৰতাদাসকলৰ বাবে।

এই সুবিধা অনুসৰি তেওঁলোকে বিনামূল্যে মাত্ৰ ১০ মিনিটতে পাব পানকাৰ্ড।

আধাৰ কাৰ্ড থকা লোকসকলে অনলাইনযোগে দুপৃষ্ঠাজোৰা এখন আবেদন পূৰ কৰি আবেদন কৰি লাভ কৰিব পানকাৰ্ড।

ফৰ্মখন পূৰ কৰাৰ সময়ত আধাৰ নম্বৰটো পূৰ কৰি দিয়াৰ পিছত মোবাইল নম্বৰলৈ এটা OTP আহিব। OTP যোগে মোবাইলত লিঙ্ক হোৱাৰ ১০ মিনিটৰ পিছতে পানকাৰ্ডৰ নম্বৰটো আবেদকৰ বিপৰীতে ইচ্ছ্যু কৰিব আয়কৰ বিভাগে। অৱেশ্য লেমিনেটেড পানকাৰ্ড বিচাৰিলে আবেদকে ৫০ টকা অনলাইন যোগে জমা কৰিব লাগিব।

আয়কৰ বিভাগৰ e-filing portal গৈ আবেদন এইদৰে কৰিব পাৰিব আবেদকে-

  • তাত গৈ নিজৰ আডাৰ নম্বৰটো পূৰ কৰিব লাগিব।
  • কেচ্পটা ক’ডটো জেনেৰেট কৰাৰ লগে লগে আবেদক মোবাইললৈ আধাৰ লিঙ্ক কৰিবলৈ এটা OTP আহিব।
  • তাৰ পিছত OTP ভেলিট হোৱাৰ লগে লগে আধাৰ ডিটেইলছ ভেলিট হ’ব।

ইয়াৰ পিছত ইমেইলৰ যোগে পানকাৰ্ডৰ আবেদন কৰিব পাৰিব।

KYC আধাৰ নম্বৰ এক্সেঞ্চ কৰিবলৈ ইউনিক আইডেন্ডিফিকেশ্যন অথ’ৰিটি অৱ ইণ্ডিয়াৰ (UIDA) হোৱাৰ পিছত আবেদকৰ বিপৰীতে ই-পানকাৰ্ড নিশ্চিত কৰিব। আবেদকে আধাৰ নম্বৰটো দি পিডিএফ ফ’ৰ্মেট ডাউনল’ড কৰি ল’ব পাৰিব।