NORTHEAST NOW (Assamese)
দেশ

লক্ষ্য কাশ্মীৰৰ নিৰ্বাচন: নতুন দল গঠনৰ দিশে গুলাম নবী আজাদ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 26, 2022 4:59 pm
Ghulam Nabi Azad

ৰাহুল গান্ধীৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰি আজি কংগ্ৰেছ ত্যাগ কৰাৰ পাছতে বৰ্ষীয়ান নেতা গুলাম নবী আজাদে এটা নতুন ৰাজনৈতিক দল গঠন কৰাৰ দিশে আগবাঢ়িছে।

জম্মু আৰু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কাশ্মীৰৰ ৰাজনীতিত নমাৰ উদ্দেশ্যে এটা নতুন দল আৰম্ভ কৰাৰ সম্ভাৱনা প্ৰকাশ কৰিছে।

সংবাদ মাধ্যমৰ সৈতে এক সাক্ষাৎকাৰত আজাদে দিয়া ভাষ্য অনুসৰি তেওঁ এতিয়া জম্মু-কাশ্মীৰৰ ৰাজনীতিত জড়িত হ’ব আৰু ৰাজ্যখনত নিজাকৈ এটা দল গঠন কৰিব।

তাৰ পাছতহে তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনীতিৰ কথা চিন্তা কৰিব বুলি জেষ্ঠ নেতাগৰাকীয়ে উল্লেখ কৰে।

চলিত বছৰৰ শেষৰ ফালেই জম্মু আৰু কাশ্মীৰত নিৰ্বাচন অনুষ্ঠিত হ’ব। আজাদৰ ঘনিষ্ঠ সূত্ৰই ইতিমধ্যে জম্মু আৰু কাশ্মীৰ নিৰ্বাচনৰ পূৰ্বেই নতুন দল গঠনৰ ইঙ্গিত দিছে।

উল্লেখ্য যে গুলাম নবী আজাদে কিছুদিন পূৰ্বে জম্মু-কাশ্মীৰ কংগ্ৰেছৰ এটা গুৰুত্বপূৰ্ণ পদ ত্যাগ কৰাৰ পিছতে ক্ষোভ প্ৰকাশ আজি দল ত্যাগ কৰে।

প্ৰবীণ নেতা গৰাকীয়ে আজি ছোনিয়া গান্ধীলৈ প্ৰেৰণ কৰা পদত্যাগ পত্ৰত ৰাহুল গান্ধীৰ বিৰুদ্ধে ক্ষোভ উজাৰি কংগ্ৰেছৰ সকলো পদৰ পৰা পদত্যাগ কৰে।