NORTHEAST NOW (Assamese)

Update অসম ৰাজ্যিক চিৰিয়াখানাত ফাঁচি লাগি মৃত্যু জিৰাফৰ! ঘটনাক গাপ দিয়াৰ চেষ্টা কৰ্তৃপক্ষৰ

December 24, 2021 12:22 pm · জাহ্নৱী বৰুৱা, গুৱাহাটী
ফটো: নৰ্থইষ্ট নাও।

Update গুৱাহাটীৰ অসম ৰাজ্যিক চিৰিয়াখানাত ঘটিছে ডাঙৰ অঘটন। নিশা ১০.৩০ বজাত এজনী মাইকী জিৰাফৰ মৃত্যু হৈছে চিৰিয়াখনাখনত।

মাইকী জিৰাফজনীৰ ফাঁচি লাগি মৃত্যু হোৱাৰ অভিযোগ উত্থাপন হৈছে। দানা আৰু ঘাঁহ খোৱা স্থানত ফাঁচি লাগি মৃত্যু হৈছে জিৰাফজনীৰ।

ইপিনে, ঘটনাক গাপ দিয়াৰ চেষ্টা চিৰিয়াখানাৰ DFO ৰ। জিৰাফজনীৰ মৃত্যুৰ তদন্ত বৰ্তমানো শেষ হোৱা নাই। সংবাদ মাধ্যমৰ লোককো প্ৰবেশত বাধা আৰোপ কৰিছে চিৰিয়াখানা কৰ্তৃপক্ষই।

Also Read: অসম ৰাজ্যিক চিৰিয়াখানাত জিৰাফ ‘ৰঙিলী’ৰ মৃত্যু

ডেৰ বছৰ পূৰ্বে মাইশোৰৰ চিৰিয়াখানৰ পৰা আনিছিল দুটা জিৰাফ। উপযুক্ত চিকিৎসাৰ অভাৱত জিৰাফটোৰ মৃত্যু হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

DFO অশ্বিনী কুমাৰৰ গুৰুত্বহীনতাৰ বাবেই জিৰাফজনীৰ মৃত্যুৰ অভিযোগ উঠিছে।

কৰ্তব্যৰত কৰ্মচাৰীয়েও জিৰাফ জনীৰ মৃত্যুৰ খবৰ দেৰিকৈহে গম পায়।

Also Read:Bangladesh ferry blaze বাংলাদেশত মাজ নদীত যাত্ৰীবাহী ফেৰীত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত কমেও ৩৬জনৰ মৃত্যু

জিৰাফৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চিৰিয়াখানা সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক ৰাজকুমাৰ বৈশ্যই।

চিৰিয়াখানা কৰ্তৃপক্ষৰ অৱহেলা তথা হেমাহিৰ বাবেই মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে বৈশ্যই। 

Related News