NORTHEAST NOW (Assamese)

পাণ্ডু মহাবিদ্যালয়ৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ

December 20, 2023 4:21 pm · এন ই নাও নিউজ, গুৱাহাটী

শৈক্ষিক উত্তৰণৰ এক উল্লেখনীয় পদক্ষেপ হিচাপে গুৱাহাটীৰ পাণ্ডু মহাবিদ্যালয়ৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ে। এই পদক্ষেপে ছাত্ৰ আৰু গৱেষকসকলৰ গৱেষণা আৰু বিকাশৰ দক্ষতাক বিকশিত কৰিব বুলি আশা কৰা হৈছে।

শিক্ষা আৰু গৱেষণাৰ বিকাশত পাৰস্পৰিক সৌহাদ্যপূৰ্ণ সহায়ৰ অৰ্থে AICTE-IDEA LABত চলোৱা পাঠদান, গৱেষণা আৰু উদ্ভাৱনৰ প্ৰসাৰৰ ক্ষেত্ৰত সহযোগিতা সহজ কৰি তুলিবলৈ পদাৰ্থ বিজ্ঞান বিভাগৰ সৈতে বিশেষভাৱে এই বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হৈছে।

বুজাবুজি চুক্তিৰ জৰিয়তে এই শিক্ষানুষ্ঠান দুটাৰ মাজত সহযোগিতামূলক কাম-কাজ উন্নীত কৰাৰ লক্ষ্য লোৱা হৈছে। এই সহযোগিতাৰ প্ৰধান উদ্দেশ্য হৈছে ছাত্ৰ-ছাত্ৰী আৰু গৱেষকসকলৰ আদান-প্ৰদান, যৌথ বৈজ্ঞানিক গৱেষণা পৰিচালনা, বৈজ্ঞানিক গৱেষণা পত্ৰ আৰু প্ৰকাশনৰ আদান-প্ৰদান, শৈক্ষিক তথ্য আৰু প্ৰকাশনৰ আদান-প্ৰদান, পাঠ্যক্ৰম, সন্মিলনত অধ্যাপক সদস্যসকলৰ অংশগ্ৰহণৰ প্ৰসাৰ, আলোচনা চক্ৰ আদি।

এই সহযোগিতাই শৈক্ষিক সন্মিলন, আলোচনা চক্ৰ, কৰ্মশালা, শৈক্ষিক কাৰ্যৰ যৌথ প্ৰকাশক, আৰু গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ দ্বাৰা প্ৰমাণপত্ৰ, ডিপ্লমা আৰু ডিগ্ৰী প্ৰদানৰ দিশত যৌথ শৈক্ষিক কাৰ্যসূচীও প্ৰচাৰ কৰিব।

তদুপৰি চুক্তিখনৰ আন কিছুমান কাৰ্যকলাপ হ’ব সহযোগিতামূলক সাংস্কৃতিক কাৰ্যসূচী, সহযোগিতামূলক ভাষা কাৰ্যসূচী, ছাত্ৰ বিনিময় কাৰ্যসূচী, অধ্যাপক বিনিময়ৰ লগতে যৌথ গৱেষণা প্ৰকল্পকে ধৰি বিভিন্ন শৈক্ষিক কাৰ্যসূচী আয়োজন কৰা।

Related News