NORTHEAST NOW (Assamese)

শুৱালকুছিত অঘটন, ছেল্ফি ল’বলৈ গৈ ছাত্ৰীৰ কৰুণ মৃত্যু

March 22, 2021 11:19 am · মৃদুল প্ৰীতম ডেকা
Updated: March 22, 2021 11:20 am

শুৱালকুছিত সংঘটিত হৈছে এক  ভয়ংকৰ অঘটন।

ছেল্ফি তুলিবলৈ গৈ অকাল মৃত্যুক সাবটিলে শুৱালকুছিৰ এগৰাকী ছাত্ৰীয়ে।

উৰ্বশী কলিতা নামৰ দশম শ্ৰেণীৰ ছাত্ৰী গৰাকীয়ে বান্ধৱীৰ সৈতে ফুৰিবলৈ গৈছিল পূব শুৱালকুছিৰ ফুলবাৰী পাহাৰ ওপৰত থকা এছিয়াৰ সৰ্ববৃহৎ পানী যোগান আঁচনিলৈ।

পানীৰ টেংকীত উঠি ছেল্ফি লওঁতেই পিচলি পৰি যায়  ছাত্ৰী গৰাকী আৰু তাৰ পাছত বৃহৎ পানীৰ টেংকীত সন্ধানহীন হৈ পৰে ছাত্ৰী গৰাকী।

এই ঘটনাৰ খবৰ বনজুইৰ দৰে নিমিষতে বিয়পি পৰে।ঘটনাস্থলীত উপস্থিত   লগে লগে উপস্থিত হয়  অগ্নি নিৰ্বাপক বাহিনী ।

স্থানীয় ৰাইজৰ সহযোগত  অৱশেষত বৃহৎ পানী টেংকীৰ পৰা উদ্ধাৰ কৰা হ’ল ছাত্ৰী গৰাকীৰ মৃতদেহ।

এই ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।

Related News