NORTHEAST NOW (Assamese)

সোণাপুৰত ধৰ্ষণ আৰু হত্যাৰ বলি ১৬ বছৰীয়া কিশোৰী, থানাৰ সমুখত উত্তাল জনতা

July 2, 2023 8:06 pm · এন ই নাও নিউজ, গুৱাহাটী

সোণাপুৰত এগৰাকী ১৬ বছৰীয়া কিশোৰীৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰে সমগ্ৰ অঞ্চলটো কঁপাই তুলিছে। 

ঘটনা সন্দৰ্ভত ইতিমধ্যে এজনক আটক কৰা হৈছে। 

অভিযোগ অনুসৰি অভিযুক্ত বাবলু টুমুঙে এই জঘন্য কাণ্ড সংঘটিত কৰি যুৱতীগৰাকীৰ মৃতদেহ ডিগাৰু নদীত পেলাই দিয়ে।

শুকুৰবাৰে নদীত মৃতদেহ উদ্ধাৰ হোৱা কৰুণ ঘটনাই উগ্ৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে।

সূত্ৰ অনুসৰি যোৱা ২৮ জুনৰ পৰা যুৱতীগৰাকী নিৰুদ্দেশ হৈ আছিল।

অভিযুক্ত বাবুলক শাস্তি দিয়াক লৈ আজি দিনৰ ভাগত স্থানীয় লোক আৰু ভুক্তভোগীৰ পৰিয়ালৰ লোকে থানাত উত্তাল পৰিৱেশৰ সৃষ্টি কৰে।

লগতে পঢ়কঃ সাধাৰণ জ্ঞানৰ প্ৰশ্ন : কোনজন ৰজাই পিতৃক হত্যা কৰি নিজৰ মাতৃক বিয়া কৰাইছিল?

লগতে পঢ়কঃ প্ৰায় ১.৯ লাখ টকাৰ চুৰি সামগ্ৰী উদ্ধাৰ! যাত্ৰীক সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত সক্ৰিয় আৰ পি এফ

লগতে পঢ়কঃ বিগ বছত এইবোৰ কি? খঙত টিঙিৰিতুলা হ’ল ছলমান খান

Related News