NORTHEAST NOW (Assamese)

শুৱালকুছিত অঘটন: প্ৰাৰ্থনা চলি থকাৰ মাজতে অচেতন হৈ ঢলি পৰিল ১০ গৰাকী ছাত্ৰী

May 12, 2022 12:20 pm · মৃদুল প্ৰীতম ডেকা,হাজো

শুৱালকুছি কালিৰাম কাৰিকৰী ছোৱালী হাইস্কুলত অঘটন।

প্ৰাৰ্থনা চলি থকাৰ মাজতে ১০ গৰাকী ছাত্ৰী অচেতন হৈ ঢলি পৰে।

মুমূৰ্ষ অৱস্থাত ১০ গৰাকী ছাত্ৰীক শুৱালকুছি চিকিৎসালয়ত ভৰ্তি কৰোৱাই যদিও এগৰাকীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ লৈ প্ৰেৰণ কৰা হৈছে।

কি কাৰণত ১০ গৰাকী কৈ ছাত্ৰী ঢলি পৰিল তাকে লৈ প্ৰশ্নৰ সৃষ্টি হৈছে।

বহু গৰমৰ বাবেই এনেদৰে ছাত্ৰী কেইগৰাকী ঢলি পৰা বুলি সন্দেহ কৰিছে।

অৱশ্যে বিগত কিছুদিনৰ তুলনাত আজি গৰম কিছু কম হোৱা বাবে বহুতে ঘটনাটোৰ সঠিক কাৰণ উলিয়াবলৈ গৈ বিবুধিত পৰিবলগীয়া হৈছে।

Related News